নাড্ডাৰ তলবত দিল্লীলৈ উৰা মাৰিলে ৰাজেন গোঁহাই

নাড্ডাৰ তলবত দিল্লীলৈ উৰা মাৰিলে ৰাজেন গোঁহাই

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যৰ বিজেপিত অস্থিৰতা ৷ অব্যাহত আছে ন বিজেপি আৰু পুৰণি বিজেপি মাজৰ সংঘাত ৷ এই সংঘাত উপশমত ব্যৰ্থ দিচপুৰ অথবা বাজপেয়ী ভৱন ৷ নতুন বিজেপি আৰু পুৰণি বিজেপিৰ মাজৰ সংঘাতক লৈ চিন্তিত ৰাষ্ট্ৰীয় বিজেপিৰ নেতৃত্ব ৷

ইপিনে পুনৰ তলব কৰা হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইক ৷ নতুন দিল্লীৰ পৰা তলব লাভ কৰি মঙলবাৰৰ নিশা দিল্লীলৈ উৰা মাৰিছে ৰাজেন গোঁহায়ে ৷ ন-বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক মঙলবাৰে জৰুৰী ভাবে নতুন দিল্লীলৈ মতোৱাই নিয়া হয় ৷ নিশাই গোঁহায়ে বৰঝাৰৰ বিমান বন্দৰৰ পৰা উৰা মাৰে।

বিজেপিৰ এক সূত্ৰ মতে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৰাজেন গোঁহাইক জৰুৰী ভাবে মাতি নিছে ৷ গোঁহাইৰ লগত মঙলবাৰৰ দিনটোত জে পি নাড্ডাই একাধিক বাৰ যোগাযোগ কৰিছিল ৷ বুধবাৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে মিলিত হ’ব ৰাজেন গোঁহাই ৷ গোঁহায়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰি বৃহস্পতিবাৰে পুনৰ অসমলৈ ঘূৰি অহা কথা ৷

নাড্ডাৰ তলবত দিল্লীলৈ উৰা মাৰিলে ৰাজেন গোঁহাই
ওপজা স্থানত জন্মদিন উপলক্ষে ৰাণাদাক স্মৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in