কাশ্মীৰত তাপমাত্ৰ -১২ ডিগ্ৰী চেলচিয়াছঃ বৰফে আগুৰি ধৰিছে চাৰিওফালে

কাশ্মীৰত তাপমাত্ৰ -১২ ডিগ্ৰী চেলচিয়াছঃ বৰফে আগুৰি ধৰিছে চাৰিওফালে

ডিজিটেল ডেস্কঃ কাশ্মীৰত এতিয়া বৰফৰ শুভ্ৰ আৱৰণ। কাশ্মীৰত তাপমাত্ৰা শূন্যৰ তললৈ নামি যোৱাৰ বাবে প্ৰচণ্ড তুষাৰপাত আৰু হিমস্খলনৰ সৃষ্টি হয়। আনহাতে হিমাচল প্ৰদেশতো প্ৰচণ্ড তুষাৰপাত আৰু হিমস্খলনৰ বাবে ২৫০ তকৈও অধিক পথ বন্ধ কৰি দিয়ে প্ৰশাসনে।

পঞ্জাৱ আৰু হাৰিয়ানাতো বহু ঠাইত তাপমাত্ৰা স্বাভাৱিকতকৈ কম আছিল। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সৰ্বাধিক তাপমাত্ৰা ২০.২ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে দিল্লীত সৰ্বনিম্ন তাপমাত্ৰা আছিল ৮.২ ডিগ্ৰী চেলচিয়াছ। আনহাতে চৰকাৰী তথ্য অনুসৰি শ্ৰীনগৰকে ধৰি জম্মু আৰু কাশ্মীৰৰ কেইবাটাও অংশত ৪৩ বছৰৰ ভিতৰত আটাইতকৈ উষ্ণ জানুৱাৰীত অনুভৱ কৰা হৈছিল।

শ্ৰীনগৰত বৃহস্পতিবাৰে তাপমাত্ৰা ২ ডিগ্ৰী চেলচিয়াছ পাইছিল গৈ । উত্তৰ কাশ্মীৰৰ গুলমাৰ্গৰ স্কিয়িং ৰিজৰ্টৰ সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ১২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে। আনহাতে দক্ষিণ কাশ্মীৰৰ পহেলগামৰ পৰ্যটন ৰিজৰ্টত নিম্নতম মাইনাছ ১১.৯ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মুঠতে এতিয়া কাশ্মীৰত সকলোফালে কেৱল বৰফে। পৰ্যটকক হাত বাউলি মাতি আছে কাশ্মীৰে।

কাশ্মীৰত তাপমাত্ৰ -১২ ডিগ্ৰী চেলচিয়াছঃ বৰফে আগুৰি ধৰিছে চাৰিওফালে
ঘোচখোৰ বিষয়াই মহটিয়াই নিলে দুৰ্নীতি নিবাৰক শাখাৰ বাহন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in