ঘোচখোৰ বিষয়াই মহটিয়াই নিলে দুৰ্নীতি নিবাৰক শাখাৰ বাহন

ঘোচখোৰ বিষয়াই মহটিয়াই নিলে দুৰ্নীতি নিবাৰক শাখাৰ বাহন

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ ধিঙত বৃহস্পতিবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এগৰাকী ঘোচখোৰ বিষয়াই মহটিয়াই নিলে দুৰ্নীতি নিবাৰক শাখাৰ বাহন। ঘটনাৰ ফলত ডি এছ পি ৰতন দাস আৰু ইন্সপেক্টৰ তপন তালুকদাৰ আহত হয় বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এগৰাকী গ্ৰামীণ বিকাশ বেংকৰ শীৰ্ষ বিষয়াক জালত পেলাবলৈ গৈছিল দুৰ্নীতি নিবাৰকৰ দলটি। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীৰ পৰা বাহন লৈ পলায়ন কৰে বেংক বিষয়াগৰাকী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই বিষয়া সম্প্ৰতি নগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইয়াৰ পাছত উক্ত ঘোচখোৰ বিষয়া তথা অসম গ্ৰামীন বিকাশ বেংকৰ ধিং শাখাৰ প্ৰৱন্ধক আফতাব হুছেইনক দূৰ্নীতি নিবাৰক শাখা বাকি সদস্যই ধিঙৰ পূজাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ জালত শাখা প্ৰৱন্ধক আফতাব হুছেইনক উৎকোচ লোৱাৰ বাবে আটক কৰা হয় বুলি জানিব পৰা গৈছে।

এগৰাকী বেংক মিত্ৰৰ পৰা আত্মসহায়ক গোটক লোন দিয়াৰ নামত ধন লৈছিল বিষয়াগৰাকীয়ে। ৯৫০০ টকা উৎকোচ লোৱাৰ বাবে দূৰ্নীতি নিবাৰক শাখাই আফতাৱ হুছেইনক গ্ৰেপ্তাৰ কৰে। বৰ্তমান অনুসন্ধানকাৰী দলটোৱে সোধা-পোছা অব্যাহত ৰাখিছে।

ঘোচখোৰ বিষয়াই মহটিয়াই নিলে দুৰ্নীতি নিবাৰক শাখাৰ বাহন
ধেমাজিত ব্যৱসায়ীসহ ড্ৰাগছ জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in