আকৌ ‘ৰাণী’ হৈ আহি আছে স্মৃতি ! অসমৰ পৰাই মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী হ’ব স্মৃতি ইৰানী…

আকৌ ‘ৰাণী’ হৈ আহি আছে স্মৃতি !  অসমৰ পৰাই মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী হ’ব স্মৃতি ইৰানী…

ডিজিটেল ডেস্ক : মন্ত্ৰিত্বৰ তালিকাৰ পৰা পূৰ্বৰ দুগৰাকী সক্ৰিয় মহিলা মন্ত্ৰীক আঁতৰাব খোজা নাই নৰেন্দ্ৰ মোডীয়ে। পূৰ্বৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী স্মৃতি ইৰানীক পুনৰ এবাৰ অন্তভূক্ত কৰিব মোডী মন্ত্ৰীসভাত।

এইবেলি নিৰ্বাচনত পৰাজিত হ'লেও পূৰ্বৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী স্মৃতি ইৰানীক লৈ বিজেপিয়ে কৰিছে এক বিশেষ পৰিকল্পনা। ৰাজ্যসভাৰ সাংসদ হিচাপে ইৰানীক পুনৰ বিজেপিয়ে সংসদলৈ নিব বিচাৰিছে।

এক উচ্চস্তৰীয় খবৰ অনুসৰি, অসমৰ এখন ৰাজ্যসভাৰ আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিব স্মৃতি ইৰানীক। সকলোবোৰ ঠিকে ঠাকে থাকিলে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ মোডী মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব ল'ব ইৰানীয়ে।

ইফালে ২৪ৰ নিৰ্বাচনত অংশ নল'লেও প্ৰাক্তন বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক নিজা মন্ত্ৰীসভাত ৰাখিব বিচাৰিছে মোডীয়ে। যাৰ বাবে সীতাৰমণকো ৰাজ্যসভাৰ সাংসদ হিচাপে জিকাই নি মন্ত্ৰীসভাত স্থান দিয়াৰ যো-জা চলিছে।

উল্লেখ কৰা প্ৰয়োজন যে, এই দুয়োগৰাকী প্ৰভাৱশালী নেত্ৰীক পুনৰ এবাৰ মোডীৰ ৩.০ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰাৰ বাবে ইতিমধ্যে থিৰাং কৰিয়েই হয়তো চাহমেললৈ আমন্ত্ৰণ জনোৱা হৈছে।

জানিব পৰা গৈছে যে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যেৰেই দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও স্মৃতি ইৰাণীৰ ৰাজ্যসভাৰ আসনখনক লৈ বিজেপি নেতৃত্ব আলোচনাত মিলিত হৈছে।

আকৌ ‘ৰাণী’ হৈ আহি আছে স্মৃতি !  অসমৰ পৰাই মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী হ’ব স্মৃতি ইৰানী…
মোডীৰ মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটা : পৰাজিত স্মৃতি ইৰাণীকো দিব মন্ত্ৰিত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in