স্মৃতি হ'ল ইৰাণী!

স্মৃতি হ'ল ইৰাণী!

author-image
Asomiya Pratidin
New Update
স্মৃতি হ'ল ইৰাণী!

ডিজিটেল ডেস্কঃ আমেথিত মুখ থেকেচা খালে লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে। ইয়াৰ বিপৰীতে সমষ্টিটো নিজৰ অধীনত কৰিলে কংগ্ৰেছ নেতা কিশোৰী লালে।

Advertisment

মুঠ ৫৩৯২২৮ ভোটত জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল। আনহাতে স্মৃতি ইৰাণীয়ে লাভ কৰে মাত্ৰ ৩৭২০৩২ ভোট। ১ লাখ তকৈ অধিক ভোটত পৰাজয় হয় ইৰাণী।

উল্লেখ্য যে, বিয়লি প্ৰায় ৬.৩০বজাৰ লৈকে বিজেপিৰ প্ৰায় ৭০গৰাকী প্ৰাৰ্থীৰ জয়ী হৈছে। বিজেপিৰ এই ৭০জনীয়া জয়ী তালিকাত আছে কিৰেন ৰিজিজু, অমিত শ্বাহ, অনুৰাগ সিং ঠাকুৰ, কংগণা ৰাণাৱট, জ্যোতিৰাদিত্য সিন্ধিয়া, বিপ্লৱ কুমাৰ দেৱ, নৰেন্দ্ৰ মোডী, অজয় ভট্ট, জি কিষাণ ৰেড্ডীৰ দৰে নেতা।

Also Read: চূড়ান্ত ফলাফলঃ জিকিল নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাহুল গান্ধী, কংগনা...

LOKSABHA 2024 Smriti Irani