Advertisment

চূড়ান্ত ফলাফলঃ জিকিল নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাহুল গান্ধী, কংগনা...

চূড়ান্ত ফলাফলঃ জিকিল নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাহুল গান্ধী, কংগনা...

author-image
Asomiya Pratidin
New Update
চূড়ান্ত ফলাফলঃ জিকিল নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাহুল গান্ধী, কংগনা...

চূড়ান্ত ফলাফলঃ জিকিল নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাহুল গান্ধী, কংগনা...

ডিজিটেল ডেস্কঃ বিয়লি প্ৰায় ৬.৩০বজাৰ লৈকে বিজেপিৰ প্ৰায় ৭০গৰাকী প্ৰাৰ্থীৰ জয়ী হৈছে। ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই তথ্য। বিজেপিৰ এই ৭০জনীয়া জয়ী তালিকাত আছে কিৰেন ৰিজিজু, অমিত শ্বাহ, অনুৰাগ সিং ঠাকুৰ, কংগণা ৰাণাৱট, জ্যোতিৰাদিত্য সিন্ধিয়া, বিপ্লৱ কুমাৰ দেৱ, নৰেন্দ্ৰ মোডী, অজয় ভট্ট, জি কিষাণ ৰেড্ডীৰ দৰে নেতা।

Advertisment

ইফালে বাতৰি লিখা সময়ৰ লৈকে কংগ্ৰেছৰ ৪০গৰাকী প্ৰাৰ্থী জয়ী তথ্য ৰাজহুৱা কৰিছে নিৰ্বাচন আয়োগে। এই জয়ী প্ৰাৰ্থীৰ তালিকাত আছে ৰাহুল গান্ধী, কে চি বেণুগোপাল, অমৰ সিং, চৰণসিং চান্নী, সুনীল বসুৰ নেতা। উল্লেখ্য যে, এতিয়ালৈকে তৃণমূল কংগ্ৰেছৰ দুগৰাকী, জনতা দলৰ এগৰাকী, সমাজৱাদী পাৰ্টিৰ ১গৰাকী প্ৰাৰ্থী,শিৱসেনাৰ এগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ কথা ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

উল্লেখ্য যে, এতিয়ালৈকে বিজেপি ২১৪খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়ি আছে ৯৮খন আসনত, তৃণমূল কংগ্ৰেছ ২৯খন আসনত আৰু সমাজৱাদী পাৰ্টি ৩৭খন আসনত আগবাঢ়ি আছে। বিয়লি ১০বজালৈকে প্ৰায় সকলো সমষ্টিৰে ফলাফল ঘোষণা হব বুলি জানিবলৈ দিছে নিৰ্বাচন আয়োগে।

Also Read: আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে...

কংগ্ৰেছ লোকসভা নিৰ্বাচন বিজেপি