মোডী চৰকাৰে ৰাইজক দিয়া মূল্যবৃদ্ধিৰ উপহাৰ সন্দৰ্ভত ৰাজপথত আন্দোলন কৰিব নে স্মৃতি ইৰাণীয়ে ?

মোডী চৰকাৰে ৰাইজক দিয়া মূল্যবৃদ্ধিৰ উপহাৰ সন্দৰ্ভত ৰাজপথত আন্দোলন কৰিব নে স্মৃতি ইৰাণীয়ে ?

ডিজিটেল ডেস্ক : দেশবাসীক পোনৰ মাধমাৰ চৰকাৰৰ । বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । ঘৰুৱা চিলিণ্ডাৰ সমূহৰ ক্ষেত্ৰত ৫০ টকাকৈ বৃদ্ধি পোৱাৰ পৰিৱৰ্তে বাণিজ্যিক চিলিণ্ডাৰ সমূহৰ মূল্য বৃদ্ধি হ'ল ৩৫০ টকাকৈ । কিন্তু এই সন্দৰ্ভত নিমাত শাসনাধিষ্ঠ বিজেপি চৰকাৰ । বাৰে বাৰে মূল্যবৃদ্ধিৰ বোজা জাপি দিছে দেশবাসীৰ ওপৰত ।

কিন্তু এই সন্দৰ্ভত নিৰৱে নৰ'ল বিৰোধী দলৰ কৰ্মী-সমৰ্থকসকল। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ভাৰতীয় জাতীয় কংগ্ৰেছ । নেত্ৰী গৰাকীৰ এখনি পুৰণি ফটো পুনৰ সামাজিক মাধ্যমত চৰ্চালৈ আহিল । এই ফটোখনিত স্মৃতি ইৰাণীক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা অৱস্থাত দেখা গৈছিল । সেই সময়ৰ শাসনাধিষ্ঠ চৰকাৰ কংগ্ৰেছৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল নেত্ৰীগৰাকীয়ে ।

কিন্তু বৰ্তমান শাসনত বিজেপি চৰকাৰ । সেই বাবেই হেনো নিমাত স্মৃতি ইৰাণী । এই অভিযোগ কংগ্ৰেছ দলৰ কৰ্মী-সমৰ্থকসকলৰ ।

মোডী চৰকাৰে ৰাইজক দিয়া মূল্যবৃদ্ধিৰ উপহাৰ সন্দৰ্ভত ৰাজপথত আন্দোলন কৰিব নে স্মৃতি ইৰাণীয়ে ?
দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তীৰ বৰ্ষীয় কাৰ্যসূচী কবি সন্মিলনৰ আয়োজন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in