দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তীৰ বৰ্ষীয় কাৰ্যসূচী কবি সন্মিলনৰ আয়োজন

১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ এখন উল্লেখযোগ্য জিলা সাহিত্য সভা দৰং জিলা সাহিত্য সভা।

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তীৰ বৰ্ষীয় কাৰ্যসূচী কবি সন্মিলনৰ আয়োজন

assam sahitya sabha

ডিজিটেল সংবাদ, মঙলদৈঃ ১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ এখন উল্লেখযোগ্য জিলা সাহিত্য সভা দৰং জিলা সাহিত্য সভা। এই সভাই সগৌৰৱে সোনালী জয়ন্তী বৰ্ষ উপলক্ষে বৰ্ষজোৰা ভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

Advertisment

এই বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ১৯ ফাগুন ৪ মাৰ্চ ২০২৩ , শনিবাৰে অসম সাহিত্য সভাৰ শতদল শাখাৰ যোগ্যতা অৰ্জন কৰা ভকতপাৰা শাখা সাহিত্য সভাৰ উদ্যোগত ভকতপাৰা কৃষি সেৱা সম্প্ৰসাৰণ কেন্দ্ৰৰ সভা কক্ষত এখনি কবি সন্মিলন আয়োজন কৰিছে। কবি সন্মিলন খন সঞ্চালন কৰিব দৰং জিলা কবি সন্মিলনৰ সভাপতি প্ৰফুল্ল দেৱ শৰ্মাই।

কবি সন্মিলনখনত জিলা খনৰ প্ৰতিস্থিত প্ৰায় বিশ গৰাকী কবিয়ে অংশগ্ৰহণ কৰিব বুলি দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী উদযাপন সমিতিৰ অন্যতম সম্পাদক গৌতমানন্দ গোস্বামীয়ে জানিবলৈ দিয়ে। কবি সন্মিলনৰ লগতে সোনালী জয়ন্তীৰ বৰ্ষীয় সকলো কাৰ্যসূচীতে সমুহ সাহিত্য সেবীৰ উপস্থিতি সোনালী জয়ন্তী উদযাপন সমিতিৰ অন্য এগৰাকী সম্পাদক ৰানা আলম আৰু দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই কামনা কৰিছে।

Also Read: ভোট গণনাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ