কম বৰষুণৰ লগতে এই বছৰ দেশত হ'ব পাৰে খৰাং...

কম বৰষুণৰ লগতে এই বছৰ দেশত হ'ব পাৰে খৰাং...

ডিজিটেল ডেস্কঃ ব্যক্তিগত সংস্থা স্কাইমেট ৱেডাৰে সোমবাৰে কয় যে ভাৰতত এই বছৰ বৰষুণ কম হোৱাৰ সম্ভাৱনা আছে।লগতে ভাৰতত এই বছৰ খৰাং হোৱাৰ সম্ভাৱণা ২০ শতাংশ।

বাৰিষা কালত একেৰাহে চাৰি বছৰ স্বাভাৱিক আৰু স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ পাছত কৃষি খণ্ডৰ বাবে চিন্তনীয় বিষয় হৈ পৰে। কৃষি খণ্ডই শস্য উৎপাদনৰ বাবে বৰষুণৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।

স্কাইমেটে দাবী কৰে যে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বৰষুণৰ ৮৬৮.৬ মিমি এলপিএ প্ৰায় ৯৪ শতাংশ হ'ব। আনহাতে দেশৰ উত্তৰ আৰু কেন্দ্ৰীয় অংশত বৰষুণৰ অভাৱ হ'ব পাৰে। গুজৰাট, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত জুলাই আৰু আগষ্ট মাহত হোৱা বৰষুণ পৰ্যাপ্ত নহ'ব।

পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

সংস্থাটোৰ প্ৰতিবেদনক কোৱা হৈছে যে, অতিৰিক্ত বৰষুণৰ কোনো সম্ভাৱনা নাই । সামান্যতকৈ অধিক বৰষুণৰ সম্ভাৱণা ১৫ শতাংশ। স্বাভাৱিক বৰষুণৰ সম্ভাৱণা ২৫ শতাংশ আৰু স্বাভাৱিকতকৈ কম বৰষুণৰ সম্ভাৱণা ৪০ শতাংশ। অৱশ্যে এই পৰ্যন্তক ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই কোনো পূৰ্বানুমান কৰা নাই।

কম বৰষুণৰ লগতে এই বছৰ দেশত হ'ব পাৰে খৰাং...
নগাঁৱৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল ৩ যুৱকৰ, উদ্ধাৰ হোৱা নাই পৰিচয়

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in