/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d63e1907-1b7f-4f90-8e3d-29f76f38fdae/AP_FOR_WEB_6_family_members.jpg)
মৃত্যু উপত্যকাত পৰিণত এখন গাওঁ ! গুলীবিদ্ধ হৈ ৬ জনৰ মৃত্যু, ৫ জন আহত...
ডিজিটেল ডেস্কঃ ঠিক যেন এখন বলিউডৰ চিনেমা। চিনেমাৰ কায়দাৰেই একেটা পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰা হ’ল। পুৰণা ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা।
মধ্য প্ৰদেশৰ মোৰেনা জিলাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে। এই ঘটনাত গুলীবিদ্ধ হৈ এই পৰ্যন্ত মৃত্যু হৈছে একেটা পৰিয়ালৰ ৬ জনকৈ লোকৰ।
আনহাতে গুৰুতৰ ভাৱে আহত হৈছে ৫ জনকৈ লোক। আহতসকলক ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে নিহত ৬ গৰাকী ব্যক্তিৰ ভিতৰত ৩ গৰাকী মহিলা।
আহতসকলৰ ভিতৰত ৪ গৰাকী মহিলা আৰু এটি শিশু। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৮ জন অভিযুক্তক চিহ্নীত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিগত শুকুৰবাৰে মোৰেনাৰ লেপা গ্ৰামত পুৰণা ভূমি বিবাদৰ শত্ৰুতাৰ বাবেই এই ঘটনাত সংঘটিত হৈছে। ডিয়াৰ সিং আৰু গজেন্দ্ৰ সিং নামৰ দুজন ব্যক্তিৰ দুটা গোটৰ মাজত সংঘটিত হৈছে এই ঘটনা।
পৰিস্থিতি অগ্নিগৰ্ভা হৈ উঠাৰ পূৰ্বেই আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়গৈ। ডিয়াৰ সিং আৰু গজেন্দ্ৰ সিঙৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল ভূমি বিবাদ। আৰু এই শত্ৰ্ৰুতাৰ বাবেই নিশাৰ ভিতৰতে এটা পৰিয়াল প্ৰায় শেষ হৈ গ’ল।