সাক্ষীহঁতৰ গাত ব্ৰীজভূষণৰ হাত, কাৰো নাই মাত...

সাক্ষীহঁতৰ গাত ব্ৰীজভূষণৰ হাত, কাৰো নাই মাত...

মৃদুল কুমাৰ সন্দিকৈ

তেওঁলোকৰ হৃদয়বোৰ শিল। কেতিয়াবা শিল গলি যাব কিন্তু নগলে তেওঁলোকৰ হৃদয়। কেমেৰাৰ সন্মুখত বেটি বচাও, বেটি পঢ়াও ভাষণ দিয়া এই লোকসকলে দিল্লীৰ ৰাজপথত কান্দি থকা বিশ্ব পৰিচিত ভাৰতৰ লাখ লাখ মানুহৰ মধ্যমণি সাক্ষী মালিক, বিনিছ ফোগাটৰ দৰে তাৰকাৰ মল্লযুঁজাৰুৰ চিঞৰ আজিও শুনা নাই।

শুনিও তেওঁলোকে নুশুনাৰ ভাও জুৰি মৌন হৈ ৰৈছে। এগৰাকী দুগৰাকী নহয়, ৩০-৪০ গৰাকী দেশৰ বিশ্ব প্ৰসিদ্ধ মহিলা মল্লযুঁজাৰুৱে উত্থাপন কৰা সেই অভিযোগ সঁচা বুলি জানিও প্ৰকৃত সত্যক স্বীকাৰ কৰি ল'ব পৰা সাহস নাই ।

বেটীৰ গাত হাত দিছে। বেটীয়ে মুকলিকৈ সেই কথা কৈছে। আনকি ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাজপথত বহি ৫ মে' ২০২৩ লৈকে ১৩ দিন প্ৰতিবাদ অব্যাহত ৰাখিছে। দিল্লীৰ যন্তৰ-মন্তৰত দিন-ৰাতি একাকাৰ কৰি ন্যায়ৰ হকে যুঁজিছে।

এজন মানুহৰ বিৰুদ্ধে এই প্ৰতিবাদৰ কোনো ফলাফল নেদেখি তেওঁলোকে মুকলিকৈ অলিম্পিক তথা আন বিশ্ব পৰ্যায়ৰ প্ৰতিযোগীতাত লাভ কৰা মেডেল সমূহ ঘূৰাই দিয়াৰো হুংকাৰ দিছে।

ন্যায়লয়ৰো দৃষ্টিগোচৰ হৈছে তেওঁলোকৰ প্ৰতিবাদ। দিল্লী আৰক্ষীক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিব লগা হৈছে সেই অভিযুক্ত ব্যক্তি জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰক। ন্যায়ালয়ৰ নিৰ্দেশত আৰক্ষীয়ে নিয়মমাফিক দুটাকৈ গোচৰ ৰুজু কৰাতেই সকলো শেষ।

তেওঁক না চৰকাৰী যন্ত্ৰই চুব পাৰিছে, না আইনে ঢুকি পাইছে। তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দুটা গোচৰৰ এটা পচকো (POCSO) আইনৰ অধীনতো গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে না এবাৰ তেওঁক জেৰা কৰিছে, না তেওঁক আটক কৰি কিবা সুধিছে।

চলিত বৰ্ষৰ অৰ্থাৎ ২০২৩ৰ জানুৱাৰীত এই অভিযোগ উত্থাপন কৰিছিল দেশৰ হৈ প্ৰতিনিধিত্ব কৰা এগৰাকী তাৰকা মল্লযুঁজাৰুৱে। এইগৰাকী মহিলা মল্লযুঁজাৰুৰ স্পষ্ট অভিযোগ আছিল সৰ্বভাৰতীয় মল্লযুঁজাৰুৰ ফেডাৰেশ্যনৰ খোদ অধ্যক্ষ গৰাকীয়ে মহিলা খেলুৱৈক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছে।

সংবাদ মাধ্যমত মুকলিকৈ তেওঁ ক'লে, লক্ষ্ণৌত থকা মল্লযুঁজাৰুৰ নেছনেল কেম্পত অংশলোৱা অতি ক'মেও ৩০ গৰাকী মহিলা মল্লযুঁজাৰু খেলুৱৈ এই নিৰ্যাতনৰ বলি হৈছে। সেই তাৰকা খেলুৱৈৰ সমৰ্থনত অলিম্পিকত পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ, বিশ্ব ছেম্পিয়নশ্বিপত সোণ,ৰূপৰ পদক লাভ কৰা মহিলা মল্লযুঁজাৰু, কমনৱেলথ গেমছত দেশক গৌৰৱান্বিত কৰা আন মহিলা মল্লযুঁজাৰুৱে সমৰ্থন দিলে।

প্ৰতিবাদ হ'ল ইয়াৰ বিৰুদ্ধে। আনকি সেই অভিযোগৰ আঙুলি উঠিল মহিলা খেলুৱৈ সকলক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকৰ বিৰুদ্ধেও। এনে গুৰুতৰ অভিযোগে গুৰুত্বই নাপালে।

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী কোনো এজনেই সেই অভিযোগৰ সত্যতাৰ বিচাৰ কৰি মহিলা খেলুৱৈ সকলক ন্যায় দিয়াৰ পদক্ষেপে গ্ৰহণ নকৰিলে। কেৱল প্ৰতিবাদৰ পাছত এখন কমিটি গঠন কৰি ৪ সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিলেৰে বিষয়টো গাপ দিয়াৰ চেষ্টা চলিল।

প্ৰতিবেদন জমা দিয়া হ'ল। কিন্তু তাত কি পালে উল্লেখ কৰা নহ'ল। যি সকলে এই প্ৰতিবাদ সাৱ্যস্ত কৰি এই অভিযোগ উত্থাপন কৰিছিল তেওঁলোকে প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰীক আহ্বান জনালে যদিও তেওঁলোকে এই নিৰ্যাতনৰ বলি হোৱা মহলি মল্লযুঁজাৰু সকলৰ নাম ৰাজহুৱা কৰা নাই কিন্তু প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে বিচাৰিলে এই নাম সমূহ ক'ব পাৰে।

দেশৰ তাৰকা মহিলা খেলুৱৈক লৈ টুইটাৰ, ফেচবুকত ডাঙৰ ডাঙৰ কথা লিখা এই সকল ক্ষমতাবান ৰাজনীতিবিদে উপেক্ষা কৰিলে এই বিষয়টো।ফলত আকৌ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল তেওঁলোক। তেওঁলোকৰ সমৰ্থনত আন খেলুৱৈ সকলেও সহযোগ কৰিলে।

আনকি ছানিয়া মিৰ্জাৰ দৰে খেলুৱৈ মুকলিকৈ ক'লে এইবোৰ দেখি তেওঁ বৰ কষ্ট পাইছে। এগৰাকী খেলুৱৈ হিচাপেতো কষ্ট পাইছেই, এগৰাকী মহিলা হিচাপে তাতোকৈ বেছি মানসিক কষ্টত ভুগিছে।

ইগৰাকীৰ পাছত সিগৰাকী খেলুৱৈ তেওঁলোকৰ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই গৈছে। নিশা মুকলি আকাশৰ তলত বৰষুণত তিতি শুই থকা এই প্ৰতিবাদকাৰী খেলুৱৈ সকলৰ ওপৰত আৰক্ষীৰ অত্যাচাৰো চলিছে।

কান্দি কান্দি ২০০৬ ৰিঅ' অলিম্পিকত মল্লযুঁজত ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা সাক্ষী মালিকাৰ দৰে তাৰকা খেলুৱৈয়ে প্ৰধানমন্ত্ৰীক হাতযোৰ কৰি ন্যায় দিবলৈ অনুৰোধ জনাইছে।

নাই তেওঁলোকৰ হৃদয় নগলিল। প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ অহাৰ পথত ২০১০'ৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা গীতা ফোগাটৰ দৰে খেলুৱৈক আৰক্ষীয়ে মাজবাটৰ পৰাই স্বামীসহ আটক কৰি লৈ গৈছে।

এয়া কেনে কাণ্ড? এয়া এখন গণতান্ত্ৰিক দেশত কি বিচাৰ কি ন্যায়? বজৰং পুনিয়াৰ দৰে খেলুৱৈও তেওঁলোকৰ এই প্ৰতিবাদত সমৰ্থন আগবঢ়াইছে। ছাৰ্তিয়া মূৰ, সংগীতা ফোগাট,সত্যব্ৰত মালিক, জীতেন্দ্ৰ সিনহাকে ধৰি খেলুৱৈ সকলৰ প্ৰতিবাদৰ কোনো মূল্য নাইকীয়া হৈছে।

ইয়াৰ কাৰণ ৰাজনীতি। যাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে তেওঁ বিজেপিৰ সাংসদ। ৬ বাৰকৈ সাংসদ তেওঁ। তাৰেই এবাৰ সমাজবাদী পাৰ্টীৰ পৰা আৰু ৫ বাৰ বিজেপিৰ পৰা তেওঁ সাংসদ হৈছে।

এজন সাম্প্ৰতিক সময়ৰ বাহুবলী ৰাজনীতিবিদৰ যিমানবোৰ দুগুণ থাকিব লাগে সেই সকলোবোৰ এইজন সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেছনৰ অধ্যক্ষ ব্ৰীজভূষণ চৰন সিঙৰ আছে। ধন, অপৰাধ,দলত আধিপত্য সকলো থকাৰ লগতে তেওঁৰ বিৰুদ্ধে ৩৫ টাৰো অধিক গোচৰ ৰুজু আছে। ঘৰত পত্নী আৰু নিজৰ নামত কোটি কোটি টকাৰ সম্পত্তি থকাৰ লগতে আছে ১০-১৫টাকৈ মাৰনাস্ত্ৰ।

তেওঁ কাকোৱেই ভয় যেন নকৰে। অভিযোগ উত্থাপন হোৱাৰ পাছত এই অভিযোগক মিছা বুলি কৈয়েই তেওঁ সাৰি গৈছে। এনে অভিযোগ প্ৰমাণ হ'লে ওলমি দিম বুলি আবেগিক মন্তব্য কৰি সংবাদ মাধ্যমৰ মুখামুখি হ'ব পৰা সাহসো তেওঁৰ নাই।

অভিযোগ উত্থাপনৰ পাছত এবাৰ এখন সংবাদমেলৰ আয়োজন কৰিছিল যদিও শেষ মুহূৰ্তত সেই সংবাদমেল তেওঁ সম্বোধন কৰিবলৈ নাহি পুত্ৰকহে পঠালে। ৫৪ খনকৈ বিদ্যালয়ৰ মালিক তেওঁ।

২০১১'ৰ পৰা তেওঁ ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি হৈ আছে। খেলতকৈ তেওঁ ৰাজনীতি আৰু অপৰাধত মন বেছি। মন গ'লেই হেনো বিচৰা খেলুৱৈ গৰাকীক তেওঁৰ কাষলৈ নিবলৈ পঠাই দিয়ে গাড়ী।

১৯৯২ চনৰ বাবৰি মছজিদ ভঙাৰ সময়ত চিবিআইয়ে ৩৯ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ ভিতৰত তেওঁৱো আছিল। বহুদিন কাৰাগাৰত কটাইছিল তেওঁ। ২০২০'ত আদালতে তেওঁক এই গোচৰৰ পৰা মুক্ত কৰি দিলে যদিও আজিও তেওঁ মুকলিকৈ কয় বাবৰি মছজিদ ভঙাৰ গোচৰত প্ৰথম গ্ৰেপ্তাৰ কৰিছিল মোক।

হাতত পিষ্টল লৈ তেওঁ আৰক্ষী অধীক্ষকক তেওঁৰ কাৰ্যালয়তে ভাবুকি দিব পৰাকৈ ক্ষমতাৱান। ২০২১'ত এজন কনিষ্ট মল্লযুঁজাৰু খেলুৱৈক ৰাজহুৱা স্থানত মঞ্চৰ ওপৰতেই চৰ সোধাই চৰ্চাত আছিল।

'লালনটপ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এটা হত্যাকাণ্ডৰে জড়িতৰ কথা মুকলিকৈ ক'ব পৰাকৈ তেওঁ দুঃসাহসী। এইবোৰেই তেওঁৰ ৰাজনৈতক ভূষণ! মুম্বাই জেজে হস্পাতালত সংঘটিত আক্ৰমণৰ ঘটনাত ডাউদ ইব্ৰাহিমক সহযোগ কৰাৰ অভিযোগত অভিযুক্ত।

আণ্ডাৰ ৱৰ্ল্ডৰ ডন ডাউদৰ সৈতে সেই সম্পৰ্ক থকাৰ বাবে 'টাদা' আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা নেতা তেওঁ। এতিয়া বিজেপিৰ সাংসদ, বিজেপিৰ মধ্যমণি। কোনে কয় তেওঁক মাফিয়া বুলি? কাৰ সাহস এই মাফিয়াক মাফিয়া বুলি আখ্যা দিয়াৰ?

এইবোৰ অভিযোগত অভিযুক্ত এইজন সাংসদ তথা ডব্লিউ এফ আইৰ অধ্য়ক্ষৰ স্পষ্ট কথা মোডী, অমিত শ্বাহ, জেপি নাড্ডাই ক'লেহে তেওঁ মল্লযুঁজাৰু ফেডাৰেশ্যনৰ পৰা আঁতৰিব। নহ'লে তেওঁক কোনোৱে লৰাব নোৱাৰে।

দেশৰ অৱস্থা এয়া। দেশৰ জীয়াৰীসকলৰ নিৰাপত্তাৰ নমুনা এই ঘটনাই কৈ দিয়ে কেনেকুৱা। লাহে লাহে এই প্ৰতিবাদ দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। অসমতো ইয়াৰ সমৰ্থনত দুই, এক সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। বিৰোধীয়ে এই সকল মহিলা খেলুৱৈক ন্যায় আৰু নিৰাপত্তা দিয়াৰ দাবী কৰিছে।

এদিন মোডীয়েই তেওঁলোকক কাষত লৈ ফটো তুলি টুইট কৰিছিল। 'মন কী বাত'ত তেওঁলোকৰ সফলতাৰ জয়গান গাইছিল। কিন্তু আজি তেওঁ বাকৰুদ্ধ। দেশৰ সাধাৰণ বেটীৰ কথা বাদেই অলিম্পিক বা আন আন্তৰাষ্ট্ৰীয় খেলত দেশৰ নাম উজ্বল কৰি বিশ্ববাসীৰ সন্মুখত ভাৰতক তুলি ধৰা ভাৰতৰ জীয়াৰীহতৰ কথায়েই চোন শুনিবলৈ তেওঁৰ সাহস নাই।

প্ৰতিবাদ হৈ আছে। প্ৰতিবাদকাৰী খেলুৱৈ সকলৰ মূলত দাবী এনে ভণ্ড লোকক ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰা আঁতৰাবই লাগিব। দোষীক তদন্ত কৰি শাস্তি দিব লাগে। লক্ষ্ণৌত থকা ৰাষ্ট্ৰীয় শিবিৰ দিল্লীলৈ স্থানান্তৰ কৰা হওঁক। মল্লযুঁজাৰু সকলৰ নামত আৱন্টিত ধন মাজবাটতেই বিষয়-ববীয়াৰ জেপত সোমায়। সেই ব্যৱস্থা সঠিক কৰি খেলুৱৈ সকলক প্ৰকৃত সা-সুবিধা প্ৰদান কৰক।

দেশৰ জনতাই বুজিছে, তেওঁলোকৰ মনৰ গাঁথা, মনৰ শংকা। কিন্তু বুজা নাই বেটী বচাও বুলি শ্লোগান দিয়া সকলে। যদি সেয়াই হয় তেনে এইবোৰ শ্লোগানৰ প্ৰয়োজন ক'ত? মিছাতে নাটক কৰি চকুৰ সন্মুখতে এনে এচাম লোকক নিজ দেশৰ জীয়াৰীক যৌন নিৰ্যাতনৰ বলি হ'বলৈ এৰি দিয়া বা ৰাজনৈতিক কাৰণত সেই সকলৰ পক্ষত থিয় দিয়া সকলোতকৈ আছে জানো কাপুৰুষ কোনোবা..

সাক্ষীহঁতৰ গাত ব্ৰীজভূষণৰ হাত, কাৰো নাই মাত...
মাজনী, মইয়ো যে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in