/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/83dcfa72-40b2-437f-b866-036911af1117/73.jpg)
ডিজিটেল ডেস্ক : দেশত আনুষ্ঠানিকভাৱে 'কা' বলৱৎ হোৱাৰ পিচত প্ৰথমবাৰলৈ ৬ গৰাকী পাকিস্তানী হিন্দু শৰণাৰ্থীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। শনিবাৰে ৰাজস্থানৰ জয়পুৰৰ অতিৰিক্ত উপায়ুক্ত শেফালী কুশ্বৱাহাই ৰাজস্থানত বিগত এক দশকতকৈও অধিক কাল থকা ৬গৰাকী হিন্দু শৰণাৰ্থীক নাগৰিকত্বৰ নথি-পত্ৰ হস্তান্তৰ কৰে।
ভাৰতীয় নাগৰিকত্ব লাভ কৰা শৰণাৰ্থী কেইগৰাকী হ'ল- প্ৰেমলতা, সঞ্জয়ৰাম, বেজাল,জাজৰাজ, কেকোমাই আৰু গুমণ্ড ৰাম। কৰাচীৰ পৰা বিতাড়িত হোৱা ৪১বছৰীয়া প্ৰেমলতা ২০১০চনৰ পৰা ভাৰতত আছে।
ভাৰতীয় নাগৰিকত্ব লাভ কৰি সঞ্জয়ৰামে কয়- মই যোৱা ১০ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ চেষ্টা কৰি আছিলো। আজি বহু বছৰৰ অপেক্ষাৰ অন্ত পৰিছে আৰু এতিয়া আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি ভাৰতীয়।
উল্লেখিত কেউগৰাকী লোকে নাগৰিকত্ব প্ৰদান কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃতজ্ঞতা জনায়।
Also Read: কা প্ৰত্যাহাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us