কা প্ৰত্যাহাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ...

প্ৰতিবাদী শ্লোগানেৰে সমদল
কা প্ৰত্যাহাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ...
কা প্ৰত্যাহাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ...

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই প্ৰত্যাহাৰৰ দাবীত শুকুৰবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ তিনি শতাধিক প্ৰতিবাদকাৰীয়ে হাত হাতে বেনাৰ, পোষ্টাৰ প্লে'কাৰ্ডলৈ কা আমি নামানো, বিজেপি চৰকাৰ গ'বেক, নৰেন্দ্ৰ মোডী হুচিয়াৰ, অমিত শ্বাহ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, অসমীয়াই কা নুবুজে, যদি তুমি খিলঞ্জীয়া আমাৰ লগত যোগ দিয়া, কা প্ৰত্যাহাৰ কৰিব লাগিবও, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, ইত্যাদি শ্ল'গানেৰে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমুখেদি ধেমাজি চাৰি আলিলৈকে গৈ পুনৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সুখলৈকে নগৰখনত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

কাৰ্য্যসূচীৰ শেষত ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সমুখতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয়৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আঁত ধৰা প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, কেন্দ্ৰীয় কাৰ্য্যনিবাহক বিকাশ মিছং, জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, প্ৰাক্তন জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈ, সদৌ দেউৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত দেউৰী, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰীকে ধৰি জিলা আৰু আঞ্চলিকৰ বিষয়াসকল উপস্থিত থাকি জাতিধ্বংসী 'কা’ শীঘ্ৰেই অসমৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

অন্যথা আগন্তক দিনত 'কা'ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ অন্যান্য দল সংগঠন আৰু ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলন আৰু অধিক তীব্ৰত কৰি গঢ়ি তুলিব বুলি সক্ৰিয়াই দিয়ে৷

কা প্ৰত্যাহাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ...
ওদালগুৰিত আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in