মণিপুৰত মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থী গ্ৰেপ্তাৰ

মণিপুৰত  মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰসহ ৬ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পশ্চিম মণিপুৰ আৰু ম'ৰে এলেকাত পৃথকে পৃথকে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হয় এই ৬ জন উগ্ৰপন্থীক।‌ তেওঁলোকৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, নগদ ধন আৰু কিছুমান আপত্তি জনক নথিপত্ৰ জব্দ কৰা হয়।

মণিপুৰ আৰক্ষীৰ এক সুত্ৰই সদৰী কৰা মতে, সোমবাৰে আবেলি ম'ৰে এলেকাত টহলদাৰী আৰক্ষীৰ দল এটাৰ বাহনক লক্ষ্য কৰি গুলীচালনা কৰিছিল দুজন উগ্ৰপন্থীয়ে। ম'ৰে কলেজৰ ওচৰত গুলীচালনা সংঘটিত কৰি উগ্ৰপন্থী কেইজন পলাই গৈ অঞ্চলটোৰ এটা ঘৰত আত্মগোপন কৰে। আৰক্ষীয়ে সমগ্ৰ এলেকা ঘেৰাও কৰি উগ্ৰপন্থী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত উগ্ৰপন্থী দুজন ফিলিপ খাইখোলাল খোংছাই আৰু হেমখোলাল মেটে ।

উগ্ৰপন্থী দুজনৰ পৰা দুটা সজীৱ গুলী সহ এটা পিষ্টল,এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, এ কে ছিৰিজৰ ১০টা সজীৱ গুলী আৰু ফিউজ সহ ১০টা ডিটনেটৰ জব্দ কৰা হয়।

আনহাতে, আন দুটা অভিযানত ইম্ফল পশ্চিম জিলাৰ পৰা ৪ জন PREPAK উগ্ৰপন্থীক কৰায়ত্ত কৰে আৰক্ষীয়ে।‌ তেওঁলোকৰ পৰা ৪ টা সজীব গুলি ভৰ্তি মেগজিন সহ এটা পইন্ট থ্ৰি টু পিস্তল, নগদ ২২০০০/ টকা,এটা মোবাইল, দুটা পাৰ্ছ আৰু এখনকৈ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড জব্দ কৰাৰ লগতে কিছু ধনদাবী পত্ৰও জব্দ কৰা হয়। উগ্ৰপন্থী কেইজন সাধাৰণ ব্যৱসায়িক ধন দাবী ঘটনাৰ সৈতে জড়িত বুলি সদৰি কৰিছে আৰক্ষীয়ে। ইয়াৰে দুজন PREPAK VC গোটৰ।

মণিপুৰত  মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থী গ্ৰেপ্তাৰ
পহিলা মাঘৰ দিনা বটদ্ৰৱা থানত ভকত বৈষ্ণৱৰ নাম কীৰ্তন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in