/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/14263074-fef9-4925-882c-2cd67deae880/Sitah.jpg)
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত এটাৰ পিছত আন এটা চিতা বাঘে আঁকোৱালি লৈছে মৃত্যুক। বিগত চাৰি মাহত অষ্টমটো চিতা বাঘৰ মৃত্যুয়ে দুসংবাদ কঢ়িয়াই আনিছে প্ৰকৃতি প্ৰেমীলৈ। শুকুৰবাৰে মধ্য প্ৰদেশৰ কুন্নো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মৃত্যুক আঁকোৱালি লয় এটা মতা চিতা বাঘে।
কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আফ্ৰিকাৰ পৰা অনা হৈছিল কেইবাটাও চিতা বাঘ। যি চিতা বাঘৰ বাবে চৰ্চা লাভ কৰিছিল সমগ্ৰ দেশতে। পিছে এতিয়া সেই চিতা বাঘে এটাৰ পিছত আনটোকৈ আঁকোৱালি লৈছে মৃত্যুক।
শেহতীয়াকৈ সুৰজ নামৰ আফ্ৰিকান চিতাটোকো অনা হৈছিল মধ্য প্ৰদেশৰ কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ। পিছে বুধবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰে চিতাটোক। আচৰিত কথাটো হ'ল যে, বৰ্তমানেও জানিব পৰা হোৱা নাই চিতাটোৰ মৃত্যুৰ কাৰণ।
উল্লেখ্য বিগত মঙলবাৰও তেজছ নামৰ আন এটা মতা চিতাক ৰাষ্ট্ৰীয় উদ্যানখনত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি মাইকী চিতাৰ সৈতে হোৱা কাজিয়াৰ বাবেই চিতাটোৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লয়।
আনহাতে ইয়াৰ পূৰ্বে ২৭ মাৰ্চত বৃক্কৰ ৰোগত আক্ৰান্ত হৈ ছাছা নামৰ এজনী মাইকী চিতাৰ মৃত্যু হোৱা বিপৰীতে ২৩ এপ্ৰিলতো মৃত্যু হৈছিল আন এটা চিতাৰ। আকৌ ৯ মে'তো মৃত্যু হৈছিল আন এজনী চিতাৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত ২৫ মে'ত ডিহাইড্ৰেচনত ভোগী মৃত্যু হৈছিল দুটা চিতাৰ পোৱালী।
এইদৰে এটাৰ পাছত আনটোকৈ বিগত ৪ মাহত ৮টা চিতাই ৰাষ্ট্ৰীয় উদ্যানখনত আঁকোৱালি লয় মৃত্যুক। যি খবৰে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ৰাজ্যখনৰ লগতে দেশৰ প্ৰকৃতি প্ৰেমীক। আনহাতে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থাৰ ভাল দৰে নোলোৱাৰ অভিযোগ প্ৰকৃতি প্ৰেমীৰ।
Also Read: ৰিতু কাৰিধল: চন্দ্ৰযান-৩ অভিযানৰ আঁৰৰ মহিলাগৰাকী...