ৰিতু কাৰিধল: চন্দ্ৰযান-৩ অভিযানৰ আঁৰৰ মহিলাগৰাকী...

শুকুৰবাৰে দিনৰ ২.৩৫ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটৰ সতীশ ধাৱাণ মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোয়ে উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩ ।

author-image
Asomiya Pratidin
New Update
 ৰিতু কাৰিধল: চন্দ্ৰযান-৩ অভিযানৰ আঁৰৰ মহিলাগৰাকী...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিনৰ ২.৩৫ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটৰ সতীশ ধাৱাণ মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোয়ে উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩ । এইটো চন্দ্ৰলৈ ভাৰতৰ তৃতীয়টো অভিযান। এই অভিযানৰ নেতৃত্ব দিছে ভাৰতৰ 'ৰকেট মহিলা' ৰিতু কাৰিধল শ্ৰীবাস্তৱে।

Advertisment

ৰিতু কাৰিধল শ্ৰীবাস্তৱ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী। তেওঁ মাৰ্চ অৰ্বিটাৰ মিছন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লক্ষ্ণৌত জন্ম গ্ৰহণ কৰা ৰিতুয়ে ১৯৯৬ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত এমএছচি আৰু বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ (আইআইএছচি) পৰা এমটেক কৰিছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ এগৰাকী অতি মেধাৱী ছাত্ৰী আছিল ৰিতু।

ৰিতুৰ অতি কম বয়সৰ পৰাই মহাকাশকলৈ আগ্ৰহ আছিল। স্কুলীয়াকালত ইছৰো বা নাছা সন্দৰ্ভত প্ৰকাশিত যিকোনো বাতৰি প্ৰবন্ধ সংগ্ৰহ কৰা তেওঁৰ অন্যতম ৰুচি আছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তেওঁ ১৯৯৭ চনত ইছৰোত যোগদান কৰিছিল। ইছৰোৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানত ৰিতুয়ে কাম কৰাৰ লগতে কেইবাটাত নেতৃত্বও প্ৰদান কৰিছিল। ৰিতু কাৰিধল চন্দ্ৰযান-২ৰ মিছন সঞ্চালক আৰু ভাৰতৰ মৰ্চ অৰ্বিটাৰ মিছন (এম.ও.এম.) মঙ্গলযানৰ উপ-সঞ্চালন সঞ্চালক আছিল। তেওঁ ভাৰতৰ ৰকেট মহিলা হিচাপে জনপ্ৰিয়।

ৰিতুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দ্বাৰা 'ইছৰো যুৱ বিজ্ঞানী বঁটা' লাভ কৰিছিল। ইয়াৰোপৰি ইছৰো টিম এৱাৰ্ড ফৰ মম ২০১৫, এএছআই টিম এৱাৰ্ড, ওমেন এচিভাৰ্চ ই এৰোস্পেছ ২০১৭ আদি বঁটা লাভ কৰিছে ৰিতুয়ে।

Also Read: ঐতিহাসিক এই ক্ষণঃ ইছৰোই উৎক্ষেপণ কৰিলে চন্দ্ৰযান-৩

isro chandrayaan 3