/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a3e82e3b-fb39-44e5-9e18-43647c2aa41b/AP_FOR_WEB_drugs.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন আৰু বিদেশী চিগাৰেট জব্দ কৰিছে অসম ৰাইফলছে। শুকুৰবাৰে গোপন তথ্যৰ ভিত্তিত দুটা পৃথক অভিযান চলাই চাম্পাই জিলাৰ পৰা জব্দ কৰা হয় এই নিচাজাতীয় সামগ্ৰী সমুহ।
লালৰিন ডিকি নামৰ এগৰাকী মহিলাৰ পৰা ৫২ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৬২৮ গ্ৰাম হেৰʼইন জব্দ কৰে অসম ৰাইফলছে। জব্দকৃত হেৰ'ইন খিনিৰ মুল্য ৪ কোটি ৩৯ লাখ ৬০ হাজাৰ টকা। ধৃত মহিলা গৰাকীৰ ঘৰ চাম্পাই জিলাৰ জোখাথৰত।
আনহাতে, আন এক অভিযানত অসম ৰাইফলছ চাম্পাই জিলাৰ পৰা ৯৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে। জব্দ কৰা চিগাৰেটৰ মুল্য প্ৰায় ১ কোটি ২৩ লাখ ৫০ হাজাৰ টকা বুলি জানিবলৈ দিয়ে অসম ৰাইফলছৰ এক সুত্ৰই। পিচত হেৰ'ইন আৰু মহিলা গৰাকীক চাম্পাই আৰক্ষীক গতাই দিয়াৰ বিপৰীতে চিগাৰেট সমুহ আবকাৰী বিভাগত গতাই দিয়া হয়।
Also Read: মঙলদৈৰ বজাৰত ২০/২২ কেজি ওজনৰ মাছঃ মূল্য হ্ৰাস হোৱালৈ অপেক্ষা ৰাইজৰ