মঙলদৈৰ বজাৰত ২০/২২ কেজি ওজনৰ মাছঃ মূল্য হ্ৰাস হোৱালৈ অপেক্ষা ৰাইজৰ

মঙলদৈৰ বজাৰত ২০/২২ কেজি ওজনৰ মাছঃ মূল্য হ্ৰাস হোৱালৈ অপেক্ষা ৰাইজৰ
মঙলদৈৰ বজাৰত ২০/২২ কেজি ওজনৰ মাছঃ মূল্য হ্ৰাস হোৱালৈ অপেক্ষা ৰাইজৰ

ডিজিটেল সংবাদ মঙলদৈঃ আজি উৰুকা ৷ এসাজ খোৱাৰ হেঁপাহেৰে মাছৰ বজাৰত ভিৰ কৰিছে জনসাধাৰণে ৷ দৰং জিলা খনৰ কেইবাটাও বৃহৎ বৃহৎ পুখুৰীৰ পৰা ধৰি অনা ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ বজাৰ ৷

মঙলদৈ বজাৰত ২২-২৫ কিলোগ্ৰাম ওজনৰ ভকুৱা, ১৮-২০ কিলোগ্ৰাম ওজনৰ বৰালী, ১২-১৫কিলোগ্ৰাম ওজনৰ চিতল ,১২-১৪ ওজনৰ ৰৌ, ৩০কিলোগ্ৰাম ওজনৰ বৃকেট আদি মাছেৰে ভৰি পৰিছে। অবশ্যে আন আন বছৰৰ তুলনাত এই বছৰ মাছৰ দাম কিছু পৰিমাণে বাঢ়িছে।

ডাঙৰ ভকুৱা মাছৰ প্ৰতি কিলোগ্ৰামৰ দাম ১২০০-১৩০০টকা,বৰালী প্ৰতি কিলোগ্ৰামৰ দাম ১০০০-১২০০ টকা,চিতল প্ৰতি কিলোগ্ৰাম মাছৰ দাম ১২০০-১৫০০টকা আদি। ডাঙৰ মাছ এটি কিনাৰ লক্ষ্য গ্ৰাহকৰ।এতিয়া বজাৰ সেৰেঙা হোৱালৈ ৰখি আছে ৰাইজ৷ মানুহৰ ভিৰ কমিলেই ক্ৰয় কৰিব মাছ।

মঙলদৈৰ বজাৰত ২০/২২ কেজি ওজনৰ মাছঃ মূল্য হ্ৰাস হোৱালৈ অপেক্ষা ৰাইজৰ
অৰুণাচলৰ নামচাইত খামতি আৰু আদিবাসী লোকৰ মাজত তুমুল সংঘৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in