ছিকিমত ১৯ জনৰ মৃত্যু, এতিয়াও আৱদ্ধ ৩০০০ লোক, আছে পৰ্যটকো...

ছিকিমত ১৯ জনৰ মৃত্যু, এতিয়াও আৱদ্ধ ৩০০০ লোক, আছে পৰ্যটকো...

author-image
Asomiya Pratidin
New Update
ছিকিমত ১৯ জনৰ মৃত্যু, এতিয়াও আৱদ্ধ ৩০০০ লোক, আছে পৰ্যটকো...

ডিজিটেল ডেস্কঃ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানপানীত ৬ জন সৈনিকসহ কমেও ১৯ জন লোক নিহত হৈছে। ইয়াৰ লগতে প্ৰায় ১০৩ জন লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে ছিকিমত প্ৰায় ৩০০০ পৰ্যটক আৱদ্ধ হৈ থকাৰ উপৰি ২৫০০ লোকক স্থানান্তৰ কৰা হৈছে আৰু ৬০০০ লোকক শিবিৰলৈ পঠোৱা হৈছে।

Advertisment

ছিকিম চৰকাৰে আন এটা হিমবাহ হ্ৰদ ফাটি যোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। লাচেনৰ ওচৰৰ শ্বাকো চো হ্ৰদ ফাটি যোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ পিছতে প্ৰশাসনে ওচৰ-পাজৰৰ লোকসকলক অন্য স্থানলৈ স্থানান্তৰ কৰিছে।

আনহাতে বানপানীৰ প্ৰথমদিনাই নিৰুদ্দেশ হোৱা ২৩ জন সৈনিকৰ এতিয়াও কেইবাজনো সন্ধানহীন হৈ আছে। তেতিয়াৰ পৰাই উদ্ধাৰ অভিযান সেনাই অব্যাহত ৰাখিছে।

৩-৪ অক্টোবৰৰ নিশা তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। উত্তৰ ছিকিমৰ ল'নক হ্ৰদৰ ওপৰৰ ডাৱৰ বিস্ফোৰণৰ ফলত জলস্তৰ বৃদ্ধি পাইছিল।

আকস্মিক বানপানীৰ ফলত ছিকিমৰ ১১ খন দলং ধ্বংস হয়, যাৰ ভিতৰত আছে মাংগন জিলাৰ আঠখন, নামচীত দুখন আৰু গেংটকৰ এখন দলং আছে। চাৰিখন জিলাত পানীৰ পাইপলাইন, নৰ্দমা লাইন আৰু ২৭৭ টা ঘৰো ক্ষতিগ্ৰস্ত হৈছে।

Also Read: জম্মু-কাশ্মীৰত অঘটনঃ সেনা জোৱানে গুলীয়ালে সতীৰ্থক...

flood