জম্মু-কাশ্মীৰত অঘটনঃ সেনা জোৱানে গুলীয়ালে সতীৰ্থক...

জম্মু-কাশ্মীৰত অঘটনঃ সেনা জোৱানে গুলীয়ালে সতীৰ্থক...

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ সন্ত্ৰাসবাদী

প্ৰতীকি ফটো kashmir

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰৌজাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী সেনাৰ মেজৰে তেওঁৰ সহকৰ্মীক গুলীওৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে গুলীচালনাত দুজন লোক আহত হৈছে। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা।

Advertisment

অৱশ্যে কিয় সেনাৰ মেজৰজনে গুলীচালনা কৰিছে জানিব পৰা হোৱা নাই। ইতিমধ্যে আটক কৰিছে তেওঁক। ৰাজৌৰীৰ থানামন্দিত অৱস্থিত ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছ শিবিৰত এই ঘটনা সংঘটিত হৈছে।

Also Read: ৰাহুল গান্ধীয়ে কুকুৰৰ নাম ৰাখিলে নুৰী! একাংশই ক'লে, এয়া মুছলিম মহিলাক কৰা অপমান

Jammu Kashmir