ছিকিমত দুৰ্যোগ ঘোষণাঃ সেনা জোৱানসহ ১০২ জন এতিয়াও সন্ধানহীন, ১৪ জনৰ মৃত্যু...

ছিকিমত দুৰ্যোগ ঘোষণাঃ সেনা জোৱানসহ  ১০২ জন এতিয়াও সন্ধানহীন, ১৪ জনৰ মৃত্যু...
ছিকিমত দুৰ্যোগ ঘোষণাঃ সেনা জোৱানসহ ১০২ জন এতিয়াও সন্ধানহীন, ১৪ জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ ছিকিমত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা অব্যাহত আছে। উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ তিস্তা নদীত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হৈছে। ইয়াৰোপৰি সন্ধানহীন হৈছে প্ৰায় ১০২ জনকৈ লোক। ইয়াৰে ২২ জন সেনা জোৱান।

এই দুৰ্ঘটনাসন্দৰ্ভত শেহতীয়া ছিকিম চৰকাৰে এলানি তথ্য প্ৰকাশ কৰিছে। সেই অুসৰি বুধবাৰে সন্ধানহীন হোৱা ২৩ জন সেনা জোৱানৰ ভিতৰত এজনক উদ্ধাৰ কৰা হৈছিল। মঙলবাৰে আৰু বুধবাৰে মাজনিশা প্ৰায় ১.৩০ বজাত আৰম্ভ হোৱা ছিকিমৰ বান পৰিস্থিতিৰ মাজতে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি বিষয়াসকলে জানিবলৈ দিছে।

ইয়াৰোপৰি ছিকিমৰ মুখ্য সচিব ভি বি পাঠকে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩,০০০ পৰ্যটক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে। চুংথাং বান্ধচ কৰ্মৰত হৈ থকা কেইবাজনো শ্ৰমিকো আৱদ্ধ হৈ আছে। মুখ্য সচিবে কয় যে বানপানীৰ ফলত পথ আৰু দলংকে ধৰি আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে।

এই পৰ্যন্ত প্ৰায় ১৪ খন দলং খহি পৰিছে। যাৰ ভিতৰত ৯ খন দলং সীমান্ত পথ সংস্থাৰ (বি আৰ অ') অধীনত আৰু পাঁচখন দলং ৰাজ্য চৰকাৰৰ। আন এজন বিষয়াই জনোৱা অনুসৰি এতিয়ালৈকে এজন সেনা জোৱানসহ প্ৰায় ১৬৬ জন লোকক উদ্ধাৰ কৰা হৈছে।

এন ডি আৰ এফে ইতিমধ্যে তিনিটা দল মোতায়েন কৰিছে আৰু অতিৰিক্ত দলসমূহ গুৱাহাটী আৰু পাটনাত ষ্টেণ্ডবাইত আছে। ছিকিম চৰকাৰে এক জাননীত ইয়াক দুৰ্যোগ বুলি ঘোষণা কৰিছে। চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত হ্ৰদটোৰ পানীৰ স্তৰ হঠাতে ১৫ৰ পৰা ২০ ফুট বৃদ্ধি পাইছে, বুলি এজন প্ৰতিৰক্ষা মুখপাত্ৰই কৈছে।

তেওঁ কয়, ২২ জন সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে আৰু ৪১ খন বাহন বোকাত পোত গৈছে। আন এজন প্ৰতিৰক্ষা বিষয়াই কয়, ছিকিম আৰু উত্তৰ বংগত নিযুক্তিপ্ৰাপ্ত আন সকলো ভাৰতীয় সেনা জোৱান সুৰক্ষিত হৈ আছে কিন্তু মোবাইল যোগাযোগ ব্যাহত হোৱাৰ বাবে তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিবলৈ অক্ষম।

আন এজন বিষয়াই কয়, ছিকিমৰ ৰাজধানী গেংটকৰ পৰা ৩০ কিলোমিটাৰ দূৰত চিংটামত থকা এখন তীখাৰ দলং বুধবাৰে পুৱতি নিশা তিস্তা নদীৰ পানীত সম্পূৰ্ণৰূপে উটি গৈছিল।" এই দলংখনক ইন্দ্ৰাণী দলং বুলিও জনা যায়।

ছিকিমত দুৰ্যোগ ঘোষণাঃ সেনা জোৱানসহ  ১০২ জন এতিয়াও সন্ধানহীন, ১৪ জনৰ মৃত্যু...
গোৱালপাৰাৰ কৃষ্ণাইত অচিনাক্ত বাহনে মহটিয়াই নিলে পথচাৰীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in