মাত্ৰ ১০ মিনিটত নামি আহিল বিভীষিকাঃ নিমিষতে খহি পৰিল ২৫ হাজাৰ কোটি টকীয়া জলবিদ্যুৎ প্ৰকল্প

মাত্ৰ ১০ মিনিটত নামি আহিল বিভীষিকাঃ নিমিষতে খহি পৰিল ২৫ হাজাৰ কোটি টকীয়া জলবিদ্যুৎ প্ৰকল্প

ডিজিটেল ডেস্কঃ মাত্ৰ ১০ মিনিটত চকুৰ সন্মুখতে শেষ হৈ গ’ল সকলো। মুহূৰ্ততে দৈত্যাকায় বান্ধৰ বৃহৎ অংশ খহি পৰিল। বান্ধ খহাই নিয়া সেই পানীৰ ঢৌত প্ৰায় উটি যোৱাৰ দৰে গৈছিল বান্ধটোত কৰ্মৰত কৰ্মচাৰীসকল। কিন্তু নেদেখাজনৰ আশীৰ্বাদত তেওঁলোক জীৱিত হৈ ঘূৰি আহিল।

ছিকিমৰ তিস্তাত হোৱা আকস্মিক বানৰ বাবে চুংথাম বান্ধ খহি পৰিল। এই নদীবান্ধটো ছিকিমৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্প। এই প্ৰকল্পটোৰ নাম ছিকিম উৰ্জা। পূৰ্বে অৱশ্যে ইয়াক তিস্তা উৰ্জা বুলিয়েই জনা গৈছিল।

মঙ্গলবাৰে নিশা আকস্মিক বানত এই বান্ধটোৰ একাংশ নিশ্চিহ্ন হৈ গৈছে। নিশা তেতিয়া ১১ বাজি ৫৮ মিনিট। আই টি বি পিৰ পৰা খবৰ আহিছিল ছিকিম উৰ্জা লিমিটেডলৈ। তেওঁলোকে জনাইছিল তিস্তাত আকস্মিক বান আহিছে। সেই খবৰ পোৱা মাত্ৰকে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে বান্ধটোৰ গেট খুলিবলৈ গৈছিল।

কিন্তু সেই সুযোগ তেওঁলোকে নাপালে। বান্ধটোৰ গেট খোলাৰ পূৰ্বেই পানীৰ প্ৰকাণ্ড ঢৌ আহি বান্ধটোত খুন্দা মাৰে। চকুৰ সন্মুখতে ভাঙি যায় বান্ধটোৰ বিশাল অংশ। এই কথা জনাইছে ছিকিম উৰ্জা লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ সুনীল ছাৰওগিয়ে।

তেওঁ এক সংবাদ মেলত পুনৰ কয়, আমাৰ কৰ্মচাৰীৰ দলটোত ১২/১৩ জন লোক আছিল। তাৰ মাজৰ বহু কেইজন এই ভয়াৱহ বানৰ মাজতে আন দিশত আৱদ্ধ হৈ পৰে। বুধবাৰে দুপৰীয়া তেওঁলোকক আই টি বি পিয়ে উদ্ধাৰ কৰিছে। ২০০ মিটাৰ দীৰ্ঘ এখন দলং পাৱাৰ হাউচৰ সৈতে সংযুক্ত আছিল। সেই দলংখন নিশ্চিহ্ন হৈ পৰিছে। পানীৰ তললৈ গৈছে পাৱাৰ হাউচ।

২০২২ চনত তিস্তাৰ ওপৰত চুংথাম আৰু মঙ্গনত ১২০০ মেগাৱট জলবিদ্যুৎ প্ৰকল্প গঢ়ি তোলা হৈছিল। এই প্ৰকল্পত ছিকিম চৰকাৰৰ ৬০.০৮ শতাংশ অংশীদাৰিত্ব আছে।২৫ হাজাৰ কোটি টকা ব্যয় কৰি এই প্ৰকল্প গঢ়ি তোলা হৈছিল।

বান্ধটো ভাঙি যোৱাৰ ফলত ৫১ লাখ কিউবিক মিটাৰ পানী একেলগে তিস্তাৰে বৈ গৈছে। এই বিপুল জলৰাশি পাহাৰীয়া এলেকাৰ পৰা নামনিলৈ বৈ গৈছে। ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছে ছিকিম।

এই জলবিদ্যুৎ প্ৰকল্পটোৰ সৈতে জড়িত বিষয়াৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি এই বান্ধ ভাঙি যোৱাত প্ৰকল্পটোৰ যিমান ক্ষতি হৈছে তাতকৈ বহু বেছি পৰিৱেশৰ ক্ষতি হৈছে। বান্ধটো পুনৰ নিৰ্মাণ কৰিবলৈ বহু হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব।

ছিকিম উৰ্জাৰ কাৰ্যবাহী অধ্যক্ষজনে জনোৱা অনুসৰি এই প্ৰকল্পটোৱে যোৱা এবছৰ ধৰি আশাব্যঞ্জক ফলাফল প্ৰদান কৰি আহিছিল। কিন্তু এই দুৰ্যোগে সকলো শেষ কৰিলে। এই প্ৰকল্পটোৰ পাৱাৰহাউচৰ স্থিতি কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

পাৱাৰহাউচলৈ যাবলৈ যিখন দলং ব্যৱহাৰ কৰা হৈছিল সেইখন ভাঙি যোৱাৰ বাবে পাৱাৰ হাউচলৈ এই মুহূৰ্তত যোৱাটো অসম্ভৱ। মঙ্গলবাৰে গভীৰ নিশা উত্তৰ ছিকিমৰ দক্ষিণ লোনক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণ হৈছিল।

ফলত ছিকিম এই জলপ্ৰলয়ৰ সন্মুখীন হৈছে। ১৫/২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছে জলস্তৰ। তিস্তাৰ দুয়োপাৰে চলিছে কেৱল ধ্বংসলীলা। ছিকিম প্ৰশাসনৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি মংগন আৰু পূৱ ছিকিমৰ পাকিয়ং আৰু গেংটকত অকস্মাৎ অহা এই বানে লণ্ডভণ্ড কৰিছে।

সকলোতকৈ বেছি ক্ষতি হৈছে মংগনত। এই বিপৰ্যয়ত এই পৰ্যন্ত ১২০ গৰাকী লোক নিখোঁজ হোৱাৰ তথ্য পোৱা গৈছে। মৃত্যু হৈছে ১৪ জনৰ। নিখোঁজ হোৱাসকলৰ ভিতৰত আছে ২২ গৰাকী সেনা জোৱান।

সেয়েহে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। চলিত বছৰৰ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে সংসদত হিমাচলৰ হিমাবাহ সংক্ৰান্তিয় এক ৰিপ'ৰ্ট দাখিল কৰিছিল। এই ৰিপ'ৰ্টত কোৱা হৈছিল জলবায়ু পৰিৱৰ্তনৰ ফলত হিমবাহ গলিছে।

হিমালয়ৰ হিমাবাহৰ দ্বাৰা সৃষ্টি নদীসমূহৰ জৰিয়তে দুৰ্যোগ অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ কাশ্মীৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ এই দুৰ্যোগৰ চিকাৰ হ'ব পাৰে। বিগত দুমাহত ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে হিমালয়ৰ দুই ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ। সেই দুৰ্যোগৰ পাৰ্শ্বক্ৰিয়া শেষ নৌহেওতেই পুনৰ বিপৰ্যয়ৰ সন্মুখীন হ'ল প্ৰকৃতিৰ ৰাণী ছিকিম।

মাত্ৰ ১০ মিনিটত নামি আহিল বিভীষিকাঃ নিমিষতে খহি পৰিল ২৫ হাজাৰ কোটি টকীয়া জলবিদ্যুৎ প্ৰকল্প
কলিয়াবৰত CBI ৰ দলঃ খুলি লৈ গ'ল জোনমনি ৰাভাই ব্যৱহাৰ কৰা বাহনৰ যন্ত্ৰাংশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in