কলিয়াবৰত CBI ৰ দলঃ খুলি লৈ গ'ল জোনমনি ৰাভাই ব্যৱহাৰ কৰা বাহনৰ যন্ত্ৰাংশ...

কলিয়াবৰত CBI ৰ দলঃ খুলি লৈ গ'ল জোনমনি ৰাভাই ব্যৱহাৰ কৰা বাহনৰ যন্ত্ৰাংশ...
কলিয়াবৰত CBI ৰ দলঃ খুলি লৈ গ'ল জোনমনি ৰাভাই ব্যৱহাৰ কৰা বাহনৰ যন্ত্ৰাংশ...

ডিজিটেল সংবাদ কলিয়াবৰঃ এছ আই জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চি বি আইয়ে। আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ১৪২ দিনৰ পিছত বুধবাৰে জোনমনি ৰাভাৰ বাহনখনৰ পৰা ৰহস্যজনক ভাৱে তেওঁৰ মোবাইল ফোন উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে পুনৰ জখলাবন্ধাত উপস্থিত হয় চি বি আইৰ ৫জনীয়া এটা দল।

জখলাবন্ধা থানা চৌহদত ৰাখি থোৱা জোনমনি ৰাভাৰ বাহনখনৰ যন্ত্ৰাংশ চিবিআইৰ দলটোৱে পুনৰ পৰীক্ষা কৰে। ইয়াৰোপৰি বাহনখনৰ পৰা বিশেষ যন্ত্ৰাংশ সংগ্ৰহ কৰে চি বি আইৰ দলটোৱে।

জোনমনি ৰাভাৰ মাৰুতি এছপ্ৰেছ' বাহনখনৰ পৰা চি বি আইৰ দলটোৱে খুলি লৈ যায় ই চি এম (Engine Control Module)টো। বাহনখনৰ এই যন্ত্ৰাংশৰ পৰাই ঘটনাৰ সময়ত জোনমনি ৰাভাৰ বাহনখনৰ গতিবেগ কিমান আছিল সেয়া ওলাই পৰাৰ সম্ভাৱনা আছে।

কলিয়াবৰত CBI ৰ দলঃ খুলি লৈ গ'ল জোনমনি ৰাভাই ব্যৱহাৰ কৰা বাহনৰ যন্ত্ৰাংশ...
চোৰে কাটিলে বিশ্বনাথ আৰক্ষীৰ নাকঃ একেখন দোকানত বাৰে বাৰে চুৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in