খাদ্যৰ টোপোলা ল'বলৈ ৰৈ থকা দুখন বাছত ট্ৰাকৰ খুন্দাঃ ১৪ জনৰ মৃত্যু, আহতৰ সংখ্যা অৰ্ধশতাধিক...

খাদ্যৰ টোপোলা ল'বলৈ ৰৈ থকা দুখন বাছত ট্ৰাকৰ খুন্দাঃ ১৪ জনৰ মৃত্যু, আহতৰ সংখ্যা অৰ্ধশতাধিক...
খাদ্যৰ টোপোলা ল'বলৈ ৰৈ থকা দুখন বাছত ট্ৰাকৰ খুন্দাঃ ১৪ জনৰ মৃত্যু, আহতৰ সংখ্যা অৰ্ধশতাধিক...

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ১৪ জন লোকৰ। আনহাতে আহত হৈছে অৰ্ধশতাধিক লোক। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই ভয়াৱহ দুৰ্ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। জানিব পৰা মতে এখন ট্ৰাকে খাদ্যৰ টোপোলা ল'বলৈ ৰৈ থকা দুখন বাছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ বাবেই সংঘটিত হয় এই কৰুণ ঘটনা।

মধ্যপ্ৰদেশৰ ছিধিত দুৰ্ঘটনাৰ সন্মুখীন হোৱা এই লোকসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি আহিছিল। নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ বাছত খুন্দা মৰা ট্ৰাকখন ইমানেই তীব্ৰ বেগেৰে আহিছিল যে এখন বাছ ট্ৰাকখনৰ খুন্দাত বাগৰি পৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ট্ৰাকখনৰ এটা টায়াৰ ব্লাষ্ট হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। ইফালে প্ৰত্যক্ষদৰ্শীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তীব্ৰবেগেৰে অহা ট্ৰাকখনে পিছফালৰ বাছ দুখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল ।

ফলত এখন বাছ পথৰ কাষৰ এটা খাৱৈত বাগৰি পৰে । ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীে অতি তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাত আহত সকলোকে হাস্পতালত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।

ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয়গৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। তেওঁ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

স্থানীয় প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশনা প্ৰদান কৰিছে। ইফালে এই ঘটনাত প্ৰধানমন্ত্ৰী মোডীয়েও শোক প্ৰকাশ কৰিছে তেওঁ টুইটাৰৰ জৰিয়তে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

খাদ্যৰ টোপোলা ল'বলৈ ৰৈ থকা দুখন বাছত ট্ৰাকৰ খুন্দাঃ ১৪ জনৰ মৃত্যু, আহতৰ সংখ্যা অৰ্ধশতাধিক...
কি হৈছে ৰাজ্যত ? পত্নী নহয় এইবাৰ স্বামীয়ে হত্যা কৰিলে পত্নীক..

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in