
ডিজিটেল সংবাজ বোকাজানঃ ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো লোমহৰ্ষক হত্যা কাণ্ড ! এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো সংঘটিত হৈছে এক নিৰ্মম হত্যা কাণ্ড ৷
বোকাজানৰ খটখটিৰ পকাআলিৰ নেপালী বস্তিত সংঘটিত হৈছে এই ঘটনা ৷ স্বামী ৰাজেশ শৰ্মাই পত্নী পদুমি শৰ্মাক হত্যা কৰে। পুৱা পৰিয়ালৰ লোকে তেজৰ দাগ দেখি গাওঁৰক্ষী বাহিনীক খবৰ দিয়ে।
তাৰ পিছতে আৰক্ষীয়ে পত্নীৰ মৃতদেহটো এটি পুখুৰীৰ পৰা উদ্ধাৰ কৰে। গাওঁৰক্ষী বাহিনীয়ে সন্দেহ কৰা অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১১ মান বজাত এই হত্যাকাণ্ড সংঘটিত হৈছে।
আৰক্ষীয়ে উক্ত ঘটনাৰ খবৰ লাভ কৰি আজি পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী স্বামী ৰাজেশ শৰ্মা(৪৬)ক আটক কৰে আৰু তাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ৰাজেশ শৰ্মাৰ ঘৰৰ ওচৰৰ এটি পুখুৰীৰ পৰা পত্নী পদুমী শৰ্মাৰ (৩০)ৰ মৃতদেহ আৰু হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
পদুমী শৰ্মাই ইহ সংসাৰত দুটি সন্তান এৰি থৈ গৈছে ৷ আনহাতে ৰাজেশ শৰ্মাই পত্নী পদুমী শৰ্মাক কিয় আৰু কেনেকৈ হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব ৷