পিছুৱাব নেকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ ?

পিছুৱাব নেকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ ?

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আসনৰ দৌৰ শেষ হোৱাৰ কোনো নামেই লোৱা নাই শেহতীয়াকৈ । বৰং বৃদ্ধিহে পাইছে এই অৰিয়াঅৰি । এটাৰ পাছত আনটো টোপ অগ্ৰাহ্য কৰি কেৱল মুখ্যমন্ত্ৰীৰ আসনকেই লক্ষ্য কৰি লৈছে কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ৰ মুখ্য কাৰণ শিৱকুমাৰে । উপ-মুখ্যমন্ত্ৰিৰ পদ, নিজা পছন্দৰ ৬টাকৈ বিভাগ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি এইবোৰ একোৱেই নালাগে শিৱকুমাৰক । লাগে মাথো মুখ্যমন্ত্ৰীৰ গাদী । একেই অৱস্থা চিদ্দাৰামায়াক লৈ ।

এই টনা-আঁজোৰাৰ মাজতেই দেশৰ বহু কেইটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠা‍নে প্ৰকাশ কৰা তথ্য অনুসৰি হেনো ১৮ মে'ৰ পৰিৱৰ্তে ২০ মে'ত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান । কেৱল এয়াই নহয় বৰং চিদ্দাৰামায়াক মুখ্যমন্ত্ৰীৰ পদবী দিয়াৰ লগতে শিৱকুমাৰ হেনো উপ-মুখ্যমন্ত্ৰী হিচাপেই ৰ'ব ।

নিৰ্বাচনৰ পূৰ্বেই হয়তো এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিলে নিৰ্বাচন জয়ী নহ'লেই হয় কংগ্ৰেছ । কৌশলগতভাৱে দুয়োগৰাকী নেতাক সম্পূৰ্ণৰূপে নিৰ্বাচনত ব্যৱহাৰ কৰি এতিয়া বিপদত কংগ্ৰেছ ।

পিছুৱাব নেকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ ?
ফুটবলৰ সম্ৰাট উভতি আহিব নেকি বাৰ্চিলোনালৈ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in