ফুটবলৰ সম্ৰাট উভতি আহিব নেকি বাৰ্চিলোনালৈ ?

ফুটবলৰ সম্ৰাট উভতি আহিব নেকি বাৰ্চিলোনালৈ ?

ডিজিটেল ডেস্ক : ২০২১ চনৰ আগষ্ট মাহত অশ্ৰুসিক্ত নয়নেৰে বাৰ্চিলোনা ত্যাগ কৰিছিল মেছিয়ে । বাৰ্চিলোনা একাডেমীত খেলিবলৈ আৰম্ভ কৰা মেছিয়ে দলটিৰ সৈতে প্ৰায় ২১টা বছৰ কটোৱাৰ পাছত এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে যাব লগীয়া হয় ফ্ৰান্সৰ ক্লাব পি এছ জিলৈ । বাৰ্চিলোনা ত্যাগ কৰাৰ ৩ দিন পাছতেই পি এছ জিত যোগদান কৰি পূৰ্বৰ সতীৰ্থ নেইমাৰৰ সৈতে প্ৰায় দুটা বছৰ কটোৱাৰ পাছত চলিত বৰ্ষৰ ৩০ জুনত সমাপ্ত হ'ব পি এছ জিৰ সৈতে থকা মেছিৰ চুক্তি । পি এছ জি আৰু মেছিয়ে ইচ্ছা কৰিলে অৱশ্যে পুনৰ নতুন চুক্তিৰ দ্বাৰা ম্যাদ বৃদ্ধি কৰিব পাৰে যদিও তেনে কৰাত যেন আগ্ৰহী নহয় ক্লাব তথা খেলুৱৈগৰাকী । শেহতীয়াকৈ মেছিৰ প্ৰদৰ্শনক লৈ অসন্তুষ্ট পি এছ জি কৰ্তৃপক্ষ । তেনেস্থলত ম্যাদ বৃদ্ধি কৰাৰ কোনো কাৰণ দেখা নাই অনুৰাগীসকলে ।

আনহাতে, একে সময়তেই মেছি পুনৰ পূৰ্বৰ ক্লাব বাৰ্চিলোনালৈ উভতি অহাৰ কথাও চৰ্চালৈ আহিছে যদিও তাৰ বাবে প্ৰয়োজন হ'ব বহু সংশোধনৰ । লা লিগাৰ নীতি অনুসৰি, প্ৰতিটো দলৰ বাবে নিৰ্ধাৰণ কৰা থাকে এক নিৰ্দিষ্ট পৰিমাণৰ ধন ব্যয় কৰিব পৰা‍ ক্ষমতা । অন্যথা ধনী ক্লাব সমূহে কেৱল টকাৰ বলতেই যাতে ফুটবলৰ পৰিৱেশ নষ্ট কৰি পেলোৱাৰ আশংকা কৰা হৈছিল বিগত সময়ছোৱাত । ইয়াৰ ওপৰিও আছিল আন বহু আনুসংগিক কাৰণ । তেনেস্থলত মেছি উভতি আহিবলৈ হ'লে একেবাৰে নূন্যতম পাৰিশ্ৰমিক লাভ কৰিব খেলুৱৈজনে । অৱশ্যে পূৰ্বৰ ক্লাবত এক ৰাজকীয় পদ্ধতিত অৱসৰ গ্ৰহণ কৰিব পাৰিব খেলুৱৈগৰাকীয়ে । ইতিমধ্যে ফুটবল জগতৰ প্ৰায় সকলো খিতাপ দখল কৰা মেছিয়ে হয়তো আগন্তুক কেইটামান বছৰৰ ভিতৰতেই অৱসৰ গ্ৰহণ কৰিব । তেনেস্থলত বাৰ্চিলোনাতকৈ শ্ৰেষ্ঠ আন কোনো হ'ব নোৱাৰে খেলুৱৈ গৰাকীৰ বাবে ।

ফুটবলৰ সম্ৰাট উভতি আহিব নেকি বাৰ্চিলোনালৈ ?
মুকালমুৱা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in