বিজেপিৰ নীতিকেই অনুসৰণ কংগ্ৰেছৰ ! শনিবাৰে কৰ্ণাটকত বিশাল শপতগ্ৰহণ অনুষ্ঠান...

বিজেপিৰ নীতিকেই অনুসৰণ কংগ্ৰেছৰ ! শনিবাৰে কৰ্ণাটকত বিশাল শপতগ্ৰহণ অনুষ্ঠান...
বিজেপিৰ নীতিকেই অনুসৰণ কংগ্ৰেছৰ ! শনিবাৰে কৰ্ণাটকত বিশাল শপতগ্ৰহণ অনুষ্ঠান...

ডিজিটেল ডেস্কঃ শনিবাৰে অনুষ্ঠিত হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানৰ বাবে ৰাজ্যখনৰ বেংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়ামত চলিছে ব্যাপক আয়োজন।

ধাৰাবাহিক বিফলতাই বিপৰ্যস্ত কৰা কংগ্ৰেছক কৰ্ণাটকত লাভ কৰা সফলতাই দিলে মৃত সঞ্জিৱনী। যাৰ বাবে এই বিজয়ক এতিয়া কেৱল কৰ্ণাটকতে সীমাৱদ্ধ নাৰাখি ইয়াৰ আনন্দ উৎসৱক দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য কংগ্ৰেছৰ।

যাৰ বাবে এই বিশাল শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক। এই অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ সকলো শীৰ্ষ নেতাৰ উপৰিও উপস্থিত থাকিব দেশৰ সকলো বিৰোধী দলৰ শীৰ্ষ নেতাসকল।

জানিব পৰা এই অনুষ্ঠানত উপস্থিত থাকিব গান্ধী পৰিয়ালৰ তিনি সদস্য ক্ৰমে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ উপৰিও দলটোৰ সকলো শীৰ্ষ নেতা। ইয়াৰোপৰি উপস্থিত থাকিব বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং, পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰংগাস্বামী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আদি।  

এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া সকলো নেতাৰ সুৰক্ষাৰ বাবে Z+ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, এই অনুষ্ঠানৰ পৰাই ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধ ভাৱে বিজেপিক প্ৰত্যাহ্বান জনাই নতুন সমীকৰণৰ পাতনি মেলাৰো ইংগিত দিছে।

কংগ্ৰেছে এই কৌশল আমদানি কৰিছে বিজেপিৰ পৰাই। ২০১৮ ত বিজেপিয়ে কৰ্ণাটক দখল কৰাৰ সময়ত এইদৰেই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল।  

উল্লেখ্য যে, শনিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব সিদ্দাৰামাইয়াই আৰু উপমুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ডি কে শিৱকুমাৰে। দিনৰ ঠিক ১২-৩০ বজাত অনুষ্ঠিত হব এই শপতগ্ৰহণ অনুষ্ঠান।

বিজেপিৰ নীতিকেই অনুসৰণ কংগ্ৰেছৰ ! শনিবাৰে কৰ্ণাটকত বিশাল শপতগ্ৰহণ অনুষ্ঠান...
ওৰাং আৰক্ষীৰ তৎপৰতাঃ উদ্ধাৰ কৰিলে চুৰি হোৱা শ্ৰমিকৰ বাইক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in