ওৰাং আৰক্ষীৰ তৎপৰতাঃ উদ্ধাৰ কৰিলে চুৰি হোৱা শ্ৰমিকৰ বাইক...

ওৰাং আৰক্ষীৰ তৎপৰতাঃ উদ্ধাৰ কৰিলে চুৰি হোৱা শ্ৰমিকৰ বাইক...

author-image
Asomiya Pratidin
New Update
ওৰাং আৰক্ষীৰ তৎপৰতাঃ উদ্ধাৰ কৰিলে চুৰি হোৱা শ্ৰমিকৰ বাইক...

ওৰাং আৰক্ষীৰ তৎপৰতাঃ উদ্ধাৰ কৰিলে চুৰি হোৱা শ্ৰমিকৰ বাইক...

ডিজিটেল সংবাদ ওৰাংঃ চুৰি হোৱা বাইক উদ্ধাৰ ওৰাং আৰক্ষীৰ।‌ বৃহস্পতিবাৰে নিশা ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুৰি হোৱা বাইক। ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰা বাইক খনৰ নম্বৰ হৈছে AS-13L-6792।

Advertisment

আৰক্ষী সূত্ৰে জানিব পৰা মতে মঙলদৈৰ আহমেদ আলি নামৰ ৰাজমিন্ত্ৰী এজনে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ভোগদল গাঁৱত এগৰাকী লোকৰ ঘৰত থাকি গৃহনিৰ্মাণৰ কাম কৰি আছিল। ১৮ মে' বৃহস্পতিবাৰে নিশা লোকজনে ভাত-পানী খাই উল্লেখিত নম্বৰৰ বাইকখন ঘৰৰ ভিতৰত থৈ দিছিল।

ঘৰৰ ভিতৰত থোৱা অৱস্থাৰ পৰাই চোৰে বাইকখন লৈ উধাও হয়। নিশা প্ৰায় ১-৩০ মান বজাত সাৰ পাই দেখে যে AS-13 L-6792 নম্বৰৰ বাইকখন নাই। লগে লগে নিকটৱৰ্তী ওৰাং আৰক্ষী থানাত লোকজনে খবৰ দিয়াত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে তীব্ৰ অভিযান চলাই।

ওৰাং আৰক্ষীৰ এই তীব্ৰ অভিযানত বাইক চোৰৰ দলটোৱে বাইকখন লৈ যোৱাত ব্যৰ্থ হৈ পথাৰ মাজত এৰি থৈ পলাই যাবলৈ সক্ষম হয়। ওৰাং আৰক্ষীৰ এনে তৎপৰতাৰ বাবে ওৰাং আৰক্ষী থানাৰ বিষয়াগৰাকীক প্ৰসংশা কৰাৰ লগতে ওৰাঙৰ সচেতন ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

Also Read: ভূবিজ্ঞান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰঃ ক'লে আজি ৰাজনীতিৰ দিন নহয়...

ওৰাং