
ডিজিটেল ডেস্কঃ যিদৰে অক্সিজেনে সম্পূৰ্ণ শৰীৰটোক জীৱন দিয়ে ঠিক সেইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক নৱজীৱন দান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিহ পান কৰা নীলকণ্ঠ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুণানুকীৰ্তন এইদৰেই কৰিলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱাৰজ সিং চৌহানে। উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি তেওঁক সাপৰ সৈতে তুলনা কৰিছিল।
ইয়াৰ পাছতে শিৱৰাজ সিং চৌহানে তেওঁক উভতি ধৰি কয়, প্ৰধানমন্ত্ৰী মোডী সাপ নহয়, তেওঁ দেশৰ উশাহ, জনসাধাৰণৰ আশা, মানুহৰ বিশ্বাস। তেওঁ কয়, অক্সিজেনে মানুহক জীৱন প্ৰদান কৰে আৰু নতুন শক্তি প্ৰদান কৰাৰ দৰেই প্ৰধানমন্ত্ৰী মোডীয়ে দেশক নতুন জীৱন প্ৰদান কৰিছে।
তেওঁৰ মতে প্ৰধানমন্ত্ৰী মোডীয়ে এক গৌৰৱময়, সমৃদ্ধিশালী, শক্তিশালী ভাৰত গঢ়ি তুলিছে। তেওঁৰ মতে কংগ্ৰেছ দেশৰ বাবে বিষাক্ত হৈ পৰিছে। তেওঁলোকে মোডীৰ বিষয়ে বিহ বিয়পাই আছে।
কেতিয়াবা কংগ্ৰেছে কয়, প্ৰধানমন্ত্ৰী মোডী মৃত্যুৰ ব্যৱসায়ী, কোনোবাই কয়, মোডী চোৰ আৰু কোনোৱে কয়, মোডীজী এজন সাপ। শিৱৰাজ সিং চৌহানৰ মতে নৰেন্দ্ৰ মোডী এজন বিষ পান কৰা নীলকণ্ঠ। তেওঁ বিহ পান কৰি আছে আৰু দেশৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দিনে-ৰাতিয়ে উন্নয়নৰ কামত নিয়োজিত হৈ আছে।