ছিমলাত নিৰ্মাণ হ'ব বিশ্বৰ ভিতৰতে দীৰ্ঘতম ৰোপৱেঃ পৰ্যটকে ব্যৱহাৰ কৰিব নালাগে বাছ !

ছিমলাত নিৰ্মাণ হ'ব বিশ্বৰ ভিতৰতে দীৰ্ঘতম ৰোপৱেঃ পৰ্যটকে ব্যৱহাৰ কৰিব নালাগে বাছ !
ছিমলাত নিৰ্মাণ হ'ব বিশ্বৰ ভিতৰতে দীৰ্ঘতম ৰোপৱেঃ পৰ্যটকে ব্যৱহাৰ কৰিব নালাগে বাছ !

ডিজেটেল ডেস্কঃ হিমাচল প্ৰদেশৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ব নতুন আকৰ্ষণ। নিৰ্মাণ হ'ব বিশ্বৰ ভিতৰতে দ্বীতিয় দীৰ্ঘতম ৰোপৱে। ৰাজ্যখনৰ ছিমলাত নিৰ্মাণ হ'বলগীয়া এই ৰোপৱে হ'ব ভাৰতৰ দীৰ্ঘতম ৰোপৱে। এই সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেলৰ জৰিয়তে হিমাচল প্ৰদেশ চৰকাৰে অৱগত কৰিছে।

এক সংবাদ মেলত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে ৰাজ্যখনৰ সচিবালয়ত এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি এই প্ৰকল্পৰ বিষয়ে অৱগত কৰাৰ লগতে বিতং তথ্যও ৰাজহুৱা কৰিছে। ইয়াৰোপৰি তেওঁ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল ৰোপৱে সেৱা ছিমলাতেই নিৰ্মাণ কৰিব বুলিও জানিবলৈ দিছে।

১৫৫৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প

উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে সংবাদ মেলত কয়, ছিমলাৰ এই ৰোপৱে প্ৰকল্প অন্তিম পৰ্যায়ত গৈ উপনীত হৈছে। ইয়াৰ বাবে বন বিভাগকে ধৰি সকলো অনুমোদন লাভ কৰিছে।

এই ৰোপৱেৰ দৈৰ্ঘ্য হ'ব ১৩.৭৯ কিলোমিটাৰ। ইয়াত থাকিব মুঠ ১৩ টা ষ্টেচন। এই ৰোপৱেত প্ৰথম অৱস্থাত ২২২ টা কেবিন সংযোজন কৰি পৰ্যটকক সেৱা আগবঢ়োৱা হ'ব যদিও পৰৱৰ্তী সময়ত এই কেবিনৰ সংখ্যা ৬৬০ টালৈ বৃদ্ধি কৰা হ'ব।

ইয়াৰ প্ৰতিটো কেবিনত ৮ ৰ পৰা ১০ জনকৈ যাত্ৰীয়ে এবাৰত ভ্ৰমণ কৰিব পাৰিব। ইয়াৰ বাবে ব্যয় কৰা হ'ব ১ হাজাৰ ৫৫৫ কোটি টকা।

পি পি পি ব্যৱস্থাৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প

হিমাচলৰ পৰ্যটন ক্ষেত্ৰক নতুন মাত্ৰা প্ৰদান কৰিবলৈ হাতত লোৱা এই ব্যয়বহুল প্ৰকল্প পি পি পি ব্যৱস্থাৰে নিৰ্মাণ কৰা হ'ব। পি পি পি অৰ্থাৎ পাব্লিক- প্ৰাইভেট- পাৰ্টনাৰশ্বিপ ব্যৱস্থাৰে নিউ ডেভলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যত নিৰ্মাণ কৰা হ'ব।

বাছৰ বিকল্প হ'ব ৰোপৱে সেৱা

ছিমলাৰ ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটক তথা স্থানীয় লোকৰ কথা মনত ৰাখি নিৰ্মাণ কৰিবলৈ ওলোৱা এই ৰোপৱে প্ৰকল্পই বাছৰ বিকল্প হিচাপে কাম কৰিব। ইয়াৰ বাবে জনসাধাৰণে অত্যাধিক পৰিমাণৰ ধনো ভৰিব নালাগে।

বাছৰ ভাড়াৰ সম পৰ্যায়ৰ ধনেই ব্যয় হ'ব ৰোপৱে সেৱাত। ইয়াৰ বাবে তাৰাদেৱীত নিৰ্মাণ কৰা হ'ব প্ৰথমটো ষ্টেচন। ই সংযোগ কৰিব ক্ৰমে ন্যায়িক কমপ্লেক্স, তুতিকান্দি পাৰ্কিং, নতুন আই এছ বি টি, তুতিকান্দি ৰে'ল ষ্টেচন, পুৰণি আই এছ বি টি ছিমলা, লিফ্ট, সচিবালয় ছোটা ছিমলা, নৱ বাহাৰ, চাঞ্জৌলি, আই জি এম চি, আইচ স্কেটিং ৰিংক, হোটেল চেতনকে ধৰি কাষৰীয় প্ৰায় ১০৩ টা ষ্টেচন। ফলত বাছ যাত্ৰীসকলে এই ষ্টেচনসমূহৰ জৰিয়তে নিৰ্ধাৰিত স্থানলৈ যাত্ৰা কৰিব পাৰিব।

ছিমলাতেই নিৰ্মাণ হ'ব বিশ্বৰ দীৰ্ঘতন ৰোপৱে সেৱা

হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত জনোৱা অনুসৰি ছিমলাতেই নিৰ্মাণ কৰা হ'ব বিশ্বৰ দীৰ্ঘতম ৰোপৱে। তাৰা দেৱী আৰু ছিমলা সংযোগী ৰোপৱে প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত পাৰৱানুৰ পৰা ছিমলা সংযোগী আন এক ৰোপৱে নিৰ্মাণ কৰা হ'ব। প্ৰায় ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰোপৱে প্ৰকল্পৰ আনুমানিক ব্যয় ৬ হাজাৰ ৬০০ কোটি টকা হ'ব বুলি জনাইছে।

ছিমলাত নিৰ্মাণ হ'ব বিশ্বৰ ভিতৰতে দীৰ্ঘতম ৰোপৱেঃ পৰ্যটকে ব্যৱহাৰ কৰিব নালাগে বাছ !
অসম আন্দোলনৰ অগ্ৰণী নেতা, অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ দুৰ্ঘটনাত মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in