অসম আন্দোলনৰ অগ্ৰণী নেতা, অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ দুৰ্ঘটনাত মৃত্যু...

অসম আন্দোলনৰ অগ্ৰণী নেতা, অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ দুৰ্ঘটনাত মৃত্যু...
অসম আন্দোলনৰ অগ্ৰণী নেতা, অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ দুৰ্ঘটনাত মৃত্যু...

ডিজিটেল সংবাদ মঙলদৈঃ অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ এক পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয়। শুকুৰবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈৰ লাওনী চকত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে এখন তীব্ৰবেগী ট্ৰাকে তেওঁক পথৰ দাঁতিতে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০১ ই চি ৮৭৬৮।

উল্লেখ্য যে অসম আন্দোলনত দৰং জিলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়াত শৰ্মা দৰং জিলাৰ সত্ৰ ন্যায়াধীশ আদালতৰ চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত হৈ আছিল। ইয়াৰোপৰি তেওঁ আছিল অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰে প্ৰত্যক্ষভাৱে জড়িত। এগৰাকী সমাজসেৱী হিচাপেও তেওঁ লাভ কৰিছিল জনপ্ৰিয়তা।

অসম আন্দোলনৰ অগ্ৰণী নেতা, অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ দুৰ্ঘটনাত মৃত্যু...
২০ কেজি ওজন কমালেহে খেলিব পাৰিব আই পি এল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in