ডিজিটেল ডেস্কঃ ২ মে’ত বৰ্ষীয়ান নেতা শাৰদ পাৱাৰে এন চি পিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল । এই লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আৰু নতুন সভাপতি নিৰ্বাচনক লৈ গঠন কৰা হৈছিল এখন ১৬ জনীয়া কমিটি ।
এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল পেটেলৰ নেতৃত্বত গঠন হোৱা কমিটিয়ে শুকুৰবাৰৰ দিনটোত পৰৱৰ্তী উত্তৰাধিকাৰীৰ বিষয়টোৰ বৰ্তমানে স্থগিত ৰাখিছে ।
আজি মুম্বাইৰ ৱাই বি চৱন কেন্দ্ৰত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল শাৰদ পাৱাৰৰ জীয়ৰী সুপ্ৰিয়া চুলে আৰু ভতিজা অজিত পাৱাৰ বহুকেইজন নেতা । আজিৰ বৈঠকখনে সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
প্ৰস্তাৱত উল্লেখ কৰা হৈছে সভাপতি হিচাপে শাৰদ পাৱাৰকেই অধ্যক্ষ হিচাপে সমৰ্থন আগবঢ়াইছে ১৬ জনীয়া কমিটিখনে ।
প্ৰফুল পেটেলে সাংবাদ মাধ্যমক সদৰি কৰা অনুসৰি সভাপতি পদৰ পৰা পদত্যাগ কৰাটো সকলোৱে বিৰোধীতা কৰিছে ।
লগতে তেওঁ কয় যে আমি সকলোৱে বিচাৰো যে শৰদ পাৱাৰে দলৰ সভাপতি হিচাপে অথিসষ্ঠিত হৈ থকাটো । তেওঁ আমাৰ লাখ লাখ লোকৰ অনুভূতিক সন্মান জনাই সভাপতি পদৰ পৰা পদত্যাগ কৰাটো অনুচিত ।
তদুপৰি তেওঁ শাৰদ পাৱাৰে সভাপতি পদ এৰাক লৈ মন্তব্য প্ৰদান কৰি কয় যে সেয়া আমাৰ সকলোৰে বাবে আচৰিত আছিল । আমাৰ কোনো ধাৰণাই নাছিল যে শাৰদ পাৱাৰে হঠাৎ এনে এক সিদ্ধান্তৰ কথা ঘোষণা কৰিব ।
কমিটিয়ে প্ৰেৰণ কৰা প্ৰস্তাৱক শাৰদ পাৱাৰে এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব বুলি মত প্ৰকাশ কৰিছে ।