ভয়ংকৰ বোমা বিস্ফোৰণত আহত কেইবাজনো...

এক ভয়ংকৰ বোমা বিস্ফোৰণে জোকাৰি যায় এখন ৰাজ্য। বিহাৰত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা । ৰোহতাছ জিলাৰ চাচাৰামত সংঘটিত হোৱা বিস্ফোৰণত আহত হৈছে ৬ জনকৈ লোকৰ ।
বোমা বিস্ফোৰণ
বোমা বিস্ফোৰণ

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বোমা বিস্ফোৰণে জোকাৰি যায় এখন ৰাজ্য। বিহাৰত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা । ৰোহতাছ জিলাৰ চাচাৰামত সংঘটিত হোৱা বিস্ফোৰণত আহত হৈছে ৬ জনকৈ লোকৰ ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে বিস্ফোৰণটো চাচাৰামৰ এখন ঘৰত সংঘটিত হৈছিল । ইতিমধ্যেই আৰক্ষীয়ে বিস্ফোৰণস্থলীৰ পৰা এখন দুচকীয়া বাহন জব্দ কৰিছে । আনহাতে আহতসকলৰ বৰ্তমান চাচাৰামৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছে।

উল্লেখ্য যে, শুকুৰবাৰে নালন্দাৰ বিহাৰশ্বৰীফত সন্ধিয়া দুটা ফৈদৰ মাজত সংঘটিত হৈছিল সংঘাত । ৰাম নৱমীৰ শুভাযাত্ৰাকলৈ তীব্ৰ বাদ বিবাদৰ সৃষ্টি হৈছিল দুটা ফৈদৰ মাজত ।যাৰ ফলত এজনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।

ইতিমধ্যে এই ঘটনাৰে জড়িত ৮০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নালন্দাৰ জিলা দণ্ডাধীশ শশাংক শুভংকৰে অঞ্চলবাসীক শান্তি শৃংখলা অটুত ৰাখিবলৈ আহ্বান জনাইছে ।

এই ঘটনাৰ প্ৰায় এদিন পাছতে হোৱা এই বোমা বিস্ফোৰণে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি সকলোকে শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে।

বোমা বিস্ফোৰণ
আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in