আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

দেওবাৰে অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । গুৱাহাটিস্থিত সোণাৰাম খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ ।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ দেওবাৰে অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । গুৱাহাটিস্থিত সোণাৰাম খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ ।

দুই মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে আপ অসমৰ নেতৃবিন্দ । লগতে অংশগ্ৰহণ কৰিবলগীয়া জনসভাৰ পেণ্ডেলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আপে । সভাত আগন্তক পঞ্চায়ত আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব কেজৰিৱালে ।

আজিৰ সভাখন আটাতকৈ বেছি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব । কিয়নো দিল্লীৰ মুখ্যমন্ত্ৰী অসমলৈ অহাৰ পূৰ্বেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকিয়নী প্ৰদান কৰিছে যে কেজৰিৱালে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ উত্থাপন কৰিলে মানহানি গোচৰ তৰিব । উল্লেখ যোগ্য যে দিল্লীৰ বিধানসভাৰ অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বহুতো গোচৰ থকা বুলি মন্তব্য প্ৰদান কৰিছিল কেজৰিৱালে । পূৰ্বেও অসম আৰু দিল্লীৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত দুয়োখন ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাকলৈ সামজিক মাধ্যমত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
মিনাৰেল পানীৰ বটল ক্ৰয় কৰি খোৱাৰ পূৰ্বেই অতিকৈ সাৱধান হওক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in