পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ SP সহ ৭ বিষয়াক নিলম্বন...

পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ SP সহ ৭ বিষয়াক নিলম্বন...
পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ SP সহ ৭ বিষয়াক নিলম্বন...

ডিজিটেল ডেস্কঃ ২০২২ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাজনিত বিসংগতি সন্দৰ্ভত পঞ্জাৱ আৰক্ষীৰ ৭ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। এই ৭ গৰাকী বিষয়াৰ ভিতৰত আছে এগৰাকী আৰক্ষী অধীক্ষক, দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকো।

উল্লেখ্য যে, ২০২২ ৰ কৃষক বিদ্ৰোহৰ সময়তে ৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফিৰোজপুৰত এক ৰেলীত অংশ ল'বলৈ গৈছিল। পঞ্জাৱত সেই দিনা প্ৰধানমন্ত্ৰীৰ বাবে নিৰ্ধাৰিত পথত কৃষকসকলে পথ অৱৰোধ কৰি ৰাখিছিল।

যাৰ বাবে ২০ মিনিট সময় ধৰি প্ৰতিবাদস্থলীৰ পৰা আঁতৰত প্ৰধানমন্ত্ৰীৰ কনভয় ৰ'বলগীয়া হৈছিল। এই সন্দৰ্ভতে ফিৰোজপুৰৰ তদানীন্তন এছ পি গুৰবিন্দৰ সিং ছাংগা, ডি এছ পি পাৰ্চন সিং, ডি এছ পি জগদীশ কুমাৰ, পৰিদৰ্শক তেজিন্দৰ সিং, বলবিন্দন সিং, যশৱন্ত সিং আৰু এছ এছ আই ৰাকেশ কুমাৰক নিলম্বন কৰা হৈছে। যোৱা ২২ নৱেম্বপৰত পঞ্জাৱৰ ডিজিপিয়ে এক পত্ৰৰ জৰিয়তে জাৰি কৰিছে।

জানিব পৰা মতে, এছ পি গুৰবিন্দৰ সিং ছাংগাক তেওঁৰ কৰ্তব্যত গাফিলতি কৰাৰ বাবে নিলম্বন কৰা হৈছে। তেওঁ বৰ্তমান বাথিন্দাত কৰ্তব্যৰত অৱস্থাত আছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে যোৱা আগষ্টত কৈছিল, ফিৰোজপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে পৰ্যান্ত আৰক্ষী বাহিনী থকাৰ পাছতো প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কৰ্তব্য পালনত ব্যৰ্থ হৈছে।

পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ SP সহ ৭ বিষয়াক নিলম্বন...
অসম ৰাজ্যিক চিৰিয়াখানাত ৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in