অসম ৰাজ্যিক চিৰিয়াখানাত ৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ...

বিগত বৰ্ষৰ পৰ্বতাৰোহণ প্ৰশিক্ষণৰ ফটো
বিগত বৰ্ষৰ পৰ্বতাৰোহণ প্ৰশিক্ষণৰ ফটো

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে অসম ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে উত্তৰ পূৱৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই বাৰ্ষিক শীতকালীন শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰি আহিছে৷

চলিত বৰ্ষৰ ৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ ফ্লেগ অফ কৰি এই শিৱিৰৰ শুভাৰম্ভ কৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া বিক্ৰম জ্যোতি দাসে ৷

ডিচেম্বৰ মাহৰ অন্তিম দেওবাৰ পৰ্যন্ত প্ৰতি দেওবাৰে অৰ্থাত ৩, ৯, ১০, ১৭ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত ১৫ ৰ পৰা ৪৫ বছৰ বয়সৰ ৫০ জনতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে৷ গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা বাকৰিত আজি পুৱা অনুষ্ঠিত এই বছৰৰ প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ সঞ্জয় কুমাৰ মেধি আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিষয়া তথা প্ৰাক্তন মাইনিং ইঞ্জিনিয়াৰ বিক্ৰম জ্যোতি দাস৷

উল্লেখযোগ্য যে এক দুৰ্ঘটনাত দৃষ্টি শক্তি হেৰুৱাৰ পাছতো প্ৰচণ্ড ইচ্ছা শক্তিৰ জৰিয়তে এভাৰেষ্ট বেচ্ কেম্প ট্ৰেকিং সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়। সন্থাৰ সভাপতি ডা॰ দেবেন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত প্ৰৱীণ পৰ্বতাৰোহী বীৰেণ দাস, ৰাজেন গৌতম, পাৰ্বতী প্ৰসাদ গৌতম, দীনেশ চন্দ্ৰ দাস, অৰ্চনা ভট্টাচাৰ্য, জগদীশ বসুমতাৰী আদি উপস্থিত থাকে৷

লক্ষ্যণীয় যে, এই শিৱিৰত শৈলাৰোহণ আৰু পৰ্বতাৰোহণৰ বিভিন্ন দিশৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয়৷ আনহাতে শিশুসকলক দুঃসাহসিক ক্ৰীড়াৰ বিভিন্ন কৌশল আৰু প্ৰাথমিক জ্ঞান প্ৰদান কৰিবৰ বাবে অহা ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত এক শিশু প্ৰশিক্ষণ শিৱিৰৰো (চিলড্ৰেন এড্‌ভেন্সাৰ অৰিয়েণ্টেশ্যন কেম্প) আয়োজন কৰিছে৷

শিৱিৰত প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰশিক্ষণ শিৱিৰত শৈলাৰোহণ, হাইকিং, ৰেপেলিং, ছিংগল্‌ ৰ’প ব্ৰীজ টেকনিক, লেডাৰ ক্লাইম্বিং এণ্ড ক্ৰ’চিং, চিমনী ক্লাইম্বিং, ৱাটাৰফল্‌ ক্লাইম্বিং, ডেল্টা ক্ৰ’চিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ প্ৰশিক্ষণৰ অংশ হিচাপে ট্ৰেকিং আৰু নাইট কেম্পিঙৰ অভিজ্ঞতাও দিয়া হ’ব প্ৰশিক্ষাৰ্থীসকলক৷

উল্লেখযোগ্য যে এই শিৱিৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত প্ৰশিক্ষাৰ্থীসকলৰ মাজৰপৰা সন্থাই হিমালয় পৰ্বতমালাৰ বিভিন্ন স্থানত হাই এল্‌চিটিউট ট্ৰেকিঙৰ বাবে দল বাচনি কৰিব বুলি সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাই এক বিবৃতিযোগে জানিবলৈ দিয়ে৷

বিগত বৰ্ষৰ পৰ্বতাৰোহণ প্ৰশিক্ষণৰ ফটো
পুৱাই মৰঙিত হাতীৰ আক্ৰমণ: মুমূৰ্ষ অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in