ছিমলাত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মৰ মৃত্যু..

ছিমলাত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মৰ মৃত্যু..

ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰিছে হিমাচল প্ৰদেশত। যোৱা দেওবাৰৰ পৰা বৃদ্ধি পোৱা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত ভয়ংকৰ ভূমিস্খলনৰ সৃষ্টি হয়। পাহাৰৰ ৰাণী খ্যাত ছিমলা চহৰতো ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যোৱা সোমবাৰে ছিমলাৰ ছামাৰ হিল অঞ্চলত ভূমিস্খলনৰ ফলত এটা শিৱ মন্দিৰ সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয়।

উল্লেখ্য যে, এই ভূমিস্খলনৰ ফলত একেলগে মৃত্যু হয় একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মৰ লোকৰ। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত মন্দিৰটো ভাঙি পৰাৰ সময়ত তিনিটা শিশুসহ পৰিয়ালটোৰ সাতজন সদস্য মন্দিৰটোত উপস্থিত আছিল।

পৰিয়ালটোৰ বাকী সদস্যসকলে এতিয়া মৃতসকলৰ শেষকৃত সম্পন্ন কৰাৰ বাবে মৃতদেহসমূহ উদ্ধাৰ হোৱালৈ বাট চাই আছে।

উদ্ধাৰকাৰীসকলে বৰ্তমানেও উদ্ধাৰ অভিযান চলাই আছে যদিও পৰিয়ালটোৰ দুজন সদস্যৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালটোৰ এগৰাকী সদস্যই কয় যে, যি অনাকাংশিত ঘটনা সংঘটিত হৈ গল ইয়াৰ দুখ পৰিয়ালটোৱে কেতিয়াও পাহৰিব নোৱাৰিব। কিন্তু সদ্যহতে তেওঁলোকে পৰিয়ালটোৰ সদস্যসকলৰ মৃতদেহসমূহ উদ্ধাৰ হোৱাটোৱে বিচাৰে যাতে তেওঁলোকৰ শেষকৃত সম্পন্ন কৰিব পাৰে।

দেওবাৰে নিশাৰ পৰা হিমাচল প্ৰদেশত বৰষুণ সম্পৰ্কীয় ঘটনাত এতিয়ালৈকে ৭২ জন লোকৰ মৃত্যু হৈছে আৰু কেৱল ছিমলা চহৰতেই ২১ জন লোকৰ মৃত্যু হৈছে।

ছামাৰ হিল অঞ্চলত চলি থকা উদ্ধাৰ অভিযানত বৃহস্পতিবাৰলৈ ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও ৭ৰ পৰা ৮ টা মৃতদেহ মাতিৰ তলত পোট থকাৰ সন্দেহ কৰা হৈছে।

হিমাচল প্ৰদেশত বৰষুণ সম্পৰ্কীয় ঘটনাই এই বাৰিষাত ৬০ জনৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখুৱে কয় যে, পৰিৱেশ আৰু সা-সম্পত্তিৰ ক্ষতিৰ বাবে ৰাজ্যত বৰ্তমানলৈ ১০ হাজাৰ  কোটি টকাৰ লোকচান হৈছে৷

ছিমলাত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মৰ মৃত্যু..
চিলনী চোৰে মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in