কেৰেলাৰ প্ৰাৰ্থনা সভাত ধাৰাবাহিক বিস্ফোৰণ

কেৰেলাৰ প্ৰাৰ্থনা সভাত ধাৰাবাহিক বিস্ফোৰণ

ডিজিটেল ডেস্কঃ দেওবাৰে কেৰালাৰ কালামছেৰীত কনভেনচন চেণ্টাৰত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই ভয়ংকৰ ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে ৪৫ গৰাকী আহত হয়। এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰ্থনা সভা আৰম্ভ হোৱাৰ কিছু মিনিটৰ ভিতৰতে কমেও ৩টা বিস্ফোৰণৰ খবৰ পোৱা গৈছে।

কোচিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৈৰ কালামাছেৰীত থকা কেন্দ্ৰটোত যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনৰ সময়ত এই ঘটনা সংঘটিত হয়। দেওবাৰৰ এই সভাত প্ৰায় ২০০০ লোকে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে, বিস্ফোৰণৰ কেইঘণ্টামান পিছতে ৪৮ বছৰীয়া এজন ব্যক্তিয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে। ডমিনিক মাৰ্টিন নামৰ সন্দেহযুক্ত লোকজনে দাবী কৰিছে যে, তেওঁ সেই একেটা খ্ৰীষ্টান ধৰ্মৰ লোক যিয়ে প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল।

অধিৱেশন কেন্দ্ৰটোত উপস্থিত থকা লোকসকলে সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰথমটো বিস্ফোৰণ প্ৰাৰ্থনা চলি থকাৰ মাজতে সংঘটিত হৈছিল। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণত ব্যৱহাৰ হোৱা বিস্ফোৰকসমূহ টিফিন বাকচৰ ভিতৰত ৰখা হৈছিল।

সংবাদ প্ৰতিষ্ঠান এনডিটিভিক কালামাছেৰীৰ সাংসদ হিবি ইডেনে জনোৱা মতে, প্ৰথমটো বিস্ফোৰণ প্ৰাৰ্থনা গৃহটোৰ মাজত সংঘটিত হয়। কিন্তু সৌভাগ্যবশত প্ৰাৰ্থনা গৃহ কৰ্তৃপক্ষৰ ওচৰত সভাগৃহটো খালী কৰাৰ পৰিকল্পনা পূৰ্বৰে পৰা মজুত আছিল যিটো প্ৰথম বিস্ফোৰণৰ লগে লগে কাৰ্যকৰী হয়।

আৰক্ষীয়ে জনোৱা মতে, জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ৪৫জন আহত লোক চিকিৎসাধীন হৈ আছে, ইয়াৰে ১৮জন লোক আই চি ইউত আছে। বিস্ফোৰণত আহত ৫ জন লোকৰ অৱস্থা সংকটজনক।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এই বিস্ফোৰণক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰি পৰিস্থিতিক গুৰুত্বসহকাৰে চোৱা হৈছে বুলি কয়।

জানিব পৰা মতে, সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষজ্ঞ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এই বিস্ফোৰণৰ তদন্ত কৰিব। ইতিমধ্যে সংস্থাটোৰ ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰা কাৰ্য আৰম্ভ কৰিছে।

উল্লেখ্য যে, কেৰেলাত হোৱা এই ধাৰাবাহিক বিস্ফোৰণৰ পিছতে ৰাষ্ট্ৰীয় ৰাজধানী আৰু মুম্বাইত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

কেৰেলাৰ প্ৰাৰ্থনা সভাত ধাৰাবাহিক বিস্ফোৰণ
সংবাদ মাধ্যমৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি সাংবাদিকৰ ৰোষত ৰমাকান্ত দেউৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in