ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী মৰিগাঁও সাংবাদিক সমাজৰ। নিজ দল তথা চৰকাৰৰ মজিয়াত এলাগী হৈ পৰা বিজেপি বিধায়ক ৰমাকান্ত দেউৰী শেহতীয়াকৈ সংবাদ কৰ্মী মহলৰ ৰোষত পৰিছে। সংবাদ মাধ্যমৰ বিৰুদ্ধে মৰ্যদাহানিকৰ তথা অপমানজনক মন্তব্য কৰাৰ বাবে মৰিগাঁও সংবাদকৰ্মী সকলে মৰিগাঁও বিধানসভা সমষ্টিৰ বহুবল্কী বিজেপি বিধায়ক ৰমাকান্ত দেউৰীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ বাবে দাবী জনাইছে।
উল্লেখযোগ্য যে, এগৰাকী সামাজিক, ৰাজনৈতিক ব্যক্তি হোৱাৰ উপৰিও এগৰাকী জনপ্ৰতিনিধি ৮০ নং মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ধাৰাবাহিকভাৱে স্থান-কাল-পাত্ৰ বিবেচনা নকৰাকৈ সংবাদ মাধ্যম, সংবাদকৰ্মীৰ বিৰুদ্ধে ৰাজহুৱাকৈ অপমানজনক মন্তব্য কৰি আহিছে। কেতিয়াবা যদি সংবাদ মাধ্যমৰ কোনো ব্যক্তি বিশেষক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেতিয়াবা আকৌ সংবাদ মাধ্যমক দোকানৰ লগত ৰিজনি দিছে। শেহতীয়াকৈ এইগৰাকী বিধায়কে এক সাক্ষাৎকাৰত তেওঁ কোনো সংবাদ মাধ্যমকে ভাল নাপায় বুলি ৰাজহুৱাকৈ মন্তব্য প্ৰকাশ কৰা উপৰিও সংবাদ মাধ্যমৰ প্ৰতি বিদ্বেষভাব প্ৰতিফলন কৰা একাধিক মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হোৱা পিছতেই জাঙুৰ খাই উঠিছে মৰিগাঁও সংবাদকৰ্মী মহল।
সেয়েহে শনিবাৰে ক্ষুব্ধ সংবাদকৰ্মীসকলৰ হৈ মৰিগাঁও সাংবাদিক সমাজে এক পত্ৰৰ জৰিয়তে বিধায়ক ৰমাকান্ত দেউৰীক গৰিহনা দিয়া লগতে ৰাজহুৱাকৈ ক্ষমা খুজি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে। মৰিগাঁও সাংবাদিক সমাজৰ সভাপতি অজিত শৰ্মা, সম্পাদকদ্বয় মানবেন্দ্ৰ নাথ আৰু বিকাশ ডেকাৰ স্বাক্ষৰিত পত্ৰখনত উল্লেখ কৰা অনুসৰি ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ধাৰাবাহিকভাৱে শাসকীয় দলৰ ক্ষমতা, দম্ভ অহংকাৰ প্ৰকট কৰি অতি তৰল মন্তব্যৰে সংবাদ মাধ্যমৰ গুৰুত্ব, মৰ্যদাক উপলুঙা কৰি আহিছে।
আনকি কংগ্ৰেছ আমোলত তিৱা স্বায়ত্ত পৰিষদৰ এগৰাকী মনোনীত সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা বিধায়ক ৰমাকান্ত দেউৰীয়ে তেওঁৰ ৰাজনৈতিক আৰু সামাজিক উত্তৰণত সংবাদ মাধ্যমৰ অৰিহণাক পাহৰি যোৱা বুলিও কটাক্ষ কৰি এগৰাকী ৰাইজৰ প্ৰতিনিধি হৈ সংবাদ মাধ্যমক দোকান আৰু সংবাদকৰ্মীক দোকানীৰ লগত ৰিজনি দিয়া উপৰিও কোনো মিডিয়াক ভাল নাপাও বুলি সামাজিক মাধ্যমত ৰাজহুৱাকৈ কৰা মন্তব্যই সমূহ সংবাদ মাধ্যম আৰু আত্মসন্মানবোধ থকা সংবাদকৰ্মীক অপমান কৰা বুলি পত্ৰখনত প্ৰকাশ কৰিছে।
সেয়েহে আত্মসন্মানবোধ থকা প্ৰতিগৰাকী সংবাদকৰ্মীৰ হৈ মৰিগাঁও সাংবাদিক সমাজে বিধায়ক গৰাকীক গৰিহনা দিয়া লগতে ৰাজহুৱাকৈ ক্ষমা খুজি স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছোঁ। অন্যথা সংশ্লিষ্ট সংবাদকৰ্মী সকলে বিজেপি দলৰ বিধায়ক গৰাকীক বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে বহুবল্কী বিজেপি বিধায়ক গৰাকীয়ে প্ৰায়েই সংবাদ মাধ্যমৰ সন্মুখত প্ৰায়েই তৰল মন্তব্য প্ৰকাশ কৰি অসমবাসীক হাঁহিৰ খোৰাক আৰু দল তথা সমষ্টিবাসীক হাহিয়াতৰ পাত্ৰ কৰি আহিছিল। ব্ৰাক্ষ্মণ সমাজৰ বিৰুদ্ধেও অপমানসূচক মন্তব্য কৰি পিছত থৰকাচুটি হেৰুৱাই ক্ষমা খুজিবলৈ বাধ্য হৈছিল। শেহতীয়াকৈ সভাই সমিতিয়ে নিজকে জনপ্ৰিয় বিধায়ক আখ্যা দিয়া বিধায়ক ৰমাকান্ত দেউৰীয়ে মিডিয়া বিদ্বেষী মন্তব্য কৰি মৰিগাঁৱৰ সংবাদকৰ্মী মহলৰ ৰোষত পৰাটো চৰ্চাৰ বিষয় হৈ পৰিছে।