গুৰুত্বহীন ৰাষ্ট্ৰপতি আৰু বিৰোধী ! সংসদ ভৱনত মোডীয়ে স্থাপন কৰিব 'ছেংগুল'...

ছেংগুল (Sengol)
ছেংগুল (Sengol)

ডিজিটেল ডেস্কঃ শুভ উদ্বোধনৰ পূৰ্বেই নৱ নিৰ্মিত সংসদ ভৱন (new parliament building)কলৈ আৰম্ভ হৈছে নতুন বিতৰ্ক। কংগ্ৰেছ, তৃণূমূল কংগ্ৰেছ, আম আদমি পাৰ্টী, জে ডি ইউ আদি বিৰোধী ৰাজনৈতিক দলে সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীৰ 'মই বৰ' মনোভাৱ আৰু ৰাষ্ট্ৰপতিক এলাগী কৰাৰ অভিযোগ উত্থাপন হৈছে।

তাৰ মাজতে অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলৰ আৰম্ভণিতেই তেওঁ সাংবাদিকসকলক স্পষ্টকৈ কয়, কোনো ৰাজনৈতিক বিষয়ৰ প্ৰশ্নৰ উত্তৰ তেওঁ নিদিয়ে।

ইয়াৰ জৰিয়তে তেওঁ এক প্ৰকাৰে বিৰোধীয়ে সংসদ ভৱন উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্তক আওকান কৰাই নহয়, বিৰোধীৰ এই স্থিতি বিজেপি চৰকাৰৰ বাবে গুৰুত্বহীন এক বিষয় বুলিয়েই প্ৰমাণ কৰিবলৈ বিচাৰিলে। এই সংবাদমেলৰ জৰিয়তে অমিত শ্বাহে সংসদ ভৱন উদ্বোধনী অনুষ্ঠানৰ সৈতে জড়িত কেতবোৰ বিষয় উল্লেখ কৰে।

সংসদ ভৱন উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এই ভৱন নিৰ্মাণত জড়িত থকা প্ৰায় ৬০ হাজাৰ শ্ৰমিকক প্ৰধানমন্ত্ৰী মোডী (Prime Minister Narendra Modi)য়ে সন্মান জনোৱাৰ এক কাৰ্যসূচী সম্পন্ন কৰিব বুলি উল্লেখ কৰে। আনহাতে নতুন সংসদ ভৱনত 'ছেংগুল' স্থাপন কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে।

ছেংগুলৰ অৰ্থ হৈছে সম্পদৰে সমৃদ্ধ। তামিলনাডুৰ পণ্ডিতে এই ছেংগুল (Sengol) প্ৰধানমন্ত্ৰী মোডীৰ হাতত অৰ্পণ কৰিব আৰু মোডীয়ে সংসদ ভৱনত এই ছেংগুল স্থাপন কৰিব।

উল্লেখ্য, ছেংগুল সম্পৰ্কে এক তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে। এই তথ্যচিত্ৰ উক্ত দিনাই প্ৰদৰ্শন কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰা অনুসৰি এই ছেংগুল পূৰ্বৰ প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুক প্ৰদান কৰা হৈছিল।

১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছে ক্ষমতা হস্তান্তৰ কৰাৰ সময়ত এই ছেংগুল (Sengol) ব্যৱহাৰ কৰিছিল জৱহাৰলাল নেহৰুৱে। তেওঁ ইয়াক ৰাখিছিল এলাহবাদাত। ইফালে ছেংগুল সম্পৰ্কে এটা ৱেবচাইটো গৃহমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিছে।

ছেংগুল সন্দৰ্ভত তেওঁ কয়, গভীৰ গৱেষণাৰ অন্তত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে 'ছেংগুল'ক বাছনি কৰা হৈছিল। যেতিয়া ক্ষমতা হস্তান্তৰৰ সময় আহিছিল, ব্ৰিটিছ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুক সুধিছিল,ভাৰতীয় পৰম্পৰা অনুসৰি দেশলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক কি হ'ব লাগে ?

নেহৰুৱে স্বাধীনতা সংগ্ৰামী তথা পণ্ডিত চি ৰাজাগোপালাচাৰীৰ সৈতে বিষয়টো আলোচনা কৰিছিল। এক গভীৰ ঐতিহাসিক গৱেষণাৰাৰ পিছত, ৰাজাগোপালাচাৰীয়ে নেহৰুক কৈছিল, ভাৰতীয় পৰম্পৰা অনুসৰি 'ছেংগুল' (Sengol)ক ঐতিহাসিক স্থানান্তৰৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হওঁক। ছেংগুল প্ৰাচীন শূল সভ্যতাৰ প্ৰথা।

স্মৰ্তব্য যে, নতুন সংসদ ভৱন শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ইয়াকে লৈ অসন্তুষ্ট হৈ পৰিছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ। কিয়নো সংবিধান অনুসৰিয়েই সংসদৰ অভিভাৱক ৰাষ্ট্ৰপতি।

ৰাষ্ট্ৰপতিৰ পদ মৰ্যাদা অনুসৰিয়েই তেওঁহে সংসদ ভৱন উদ্বোধনৰ বাবে যোগ্য ব্যক্তি। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতিক গুৰুত্বহীন কৰি এই নতুন সংসদ ভৱন উদ্বোধন কৰাৰ লগতে সকলোতে তেওঁৰেই জয়গান গোৱাৰ এক পৰিৱেশ ৰচনা কৰিছে।

পদ মৰ্যাদাৰ কথা পাহৰি, ৰাষ্ট্ৰপতিকো নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি মোডীয়ে সকলোতে কেৱল 'মোডীময়' এক পৰিৱেশ গঢ় দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। সেয়ে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টী, জে ডি ইউকে ধৰি আন কেইবাটাও বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

ছেংগুল (Sengol)
নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ TMC, AAP কে ধৰি বিৰোধীয়ে বৰ্জন কৰিব অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in