
ডিজিটেল ডেস্ক : ভোকত মৰে নে চখত ! সস্তীয়া জনপ্ৰিয়তাৰ বাবে জীৱ শ্ৰেষ্ঠ মানৱ কিমান তললৈ যাব পাৰে, তাৰ এক ঘটনা পোহৰলৈ আহিছে। ইনষ্টাগ্ৰামত ৰীল বনাবলৈ আইফোন ক্ৰয়ৰ বাবে বিক্ৰী কৰিলে ৮ মহীয়া সন্তানক।
এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ পৰগনা নামৰ জিলাৰ দম্পতীয়ে এটি পুত্ৰ সন্তানক এগৰাকী মহিলাৰ ওচৰত ২ লাখ টকাত বিক্ৰী কৰি দিয়ে। জানিব পৰা মতে, সন্তান বিক্ৰী কৰি পোৱা টকাৰে দম্পতীয়ে ঘূৰি-ফুৰি আইফোন ক্ৰয় কৰে।
অৱশ্যে এই ঘটনা পোহৰলৈ অহাৰ পিচত সন্তানটিৰ পিতৃ পলাতক অৱস্থাত যদিও মাতৃ আৰু ক্ৰেতাৰূপী মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইফালে বিক্ৰী কৰা সন্তানটিক আৰক্ষীয়ে উদ্ধাৰ কৰিছে।