পাকিস্তানী চোৰাংচোৱা নেকি সীমা হায়দৰ? গ্ৰেপ্তাৰৰ সময়ত পলায়নৰ চেষ্টা

এজন ভাৰতীয় যুৱকৰ প্ৰেমত পৰি ৪ সন্তানৰ সৈতে পাকিস্তানৰ পৰা আহিছিল এগৰাকী মহিলা।

author-image
Asomiya Pratidin
New Update
পাকিস্তানী চোৰাংচোৱা নেকি সীমা হায়দৰ? গ্ৰেপ্তাৰৰ সময়ত পলায়নৰ চেষ্টা

ডিজিটেল ডেস্কঃ এজন ভাৰতীয় যুৱকৰ প্ৰেমত পৰি ৪ সন্তানৰ সৈতে পাকিস্তানৰ পৰা আহিছিল এগৰাকী মহিলা। বিগত কেইটামান দিন এই মহিলাগৰাকী বিশেষ চৰ্চাত আছে। একাংশৰ মতে এই মহিলাগৰাকী পাকিস্তানৰ চোৰাংচোৱা।

Advertisment

ইয়াৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাকিস্তানী মহিলা সীমা গোলাম হায়দৰক। মঙলবাৰে নয়ডা আৰক্ষীয়ে কয় যে গ্ৰেপ্তাৰৰ সময়ত তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল।

খবৰ অনুসৰি সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে নেপাল সীমান্তৰে ভাৰতলৈ আহিছিল। তাৰপাছতে তেওঁ শচীন মীনা নামৰ যুৱকজনৰ থাকিবলৈ গৈছিল। শচীনত তেওঁ ২০১৯ চনত পাবজী খেলৰ জৰিয়তে লগ পাইছিল।

ভিছা অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে সীমাক গ্ৰেপ্তাৰ হৈছে।ইয়াৰোপৰি এটিএছে সীমাক জেৰাও চলাইছে। নয়ডা আৰক্ষীয়ে দাখিল কৰা এজাহাৰ অনুসৰি সীমাই কৈছিল যে তেওঁ ১৩ মে'ত ভাৰতলৈ ভিছা পোৱাৰ সম্ভাৱণা নাছিল। যাৰ বাবে তেওঁ ৪ সন্তানৰ সৈতে প্ৰথমে নেপাল আৰু পাছত বাছেৰে দিল্লীলৈ আহিছিল। আনহাতে অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়াৰ বাবে শচীনো গ্ৰেপ্তাৰ হয়।

উল্লেখ্য যে, সীমাক লৈ বহুলোকে সন্দেহ কৰিছে। কিয়নো কোনোমতে প্ৰাথমিক শিক্ষা সাং কৰা বুলি দাবী কৰা সীমাই অতি সহজে হিন্দী, ইংৰাজী ক'ব পাৰে। ইয়াৰোপৰি আৰু এনে বহু দিশ আছে যে সীমাক সন্দেহৰ আৱৰ্তত ৰাখে।

Also Read: ঢকুৱাখনাত পৌৰ সভাৰ স্বচ্ছ সজাগতা অভিযান

pakistan