ঢকুৱাখনাত পৌৰ সভাৰ স্বচ্ছ সজাগতা অভিযান

ঢকুৱাখনা নগৰখনক কৰ্দয়ময়তাৰ পৰা উদ্ধাৰ কৰাৰ এক অভিযান অব্যাহত ৰাখিছে ঢকুৱাখনা পৌৰ সভাই ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পৌৰ সভাৰ স্বচ্ছ সজাগতা অভিযান

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা নগৰখনক কৰ্দয়ময়তাৰ পৰা উদ্ধাৰ কৰাৰ এক অভিযান অব্যাহত ৰাখিছে ঢকুৱাখনা পৌৰ সভাই । প্ৰধানকৈ ৱাৰ্ড সমূহৰ নাগৰিক সকলে প্ৰতিদিনে ঘৰে বাহিৰে সৃষ্টি হোৱা জাৱৰ ,উচিষ্ট, পলিথিন ,বটল আদি বেপৰোৱা ভাবে মুকলিকৈ ৰাজহুৱা স্থানলৈ নিক্ষেপ কৰা অমানৱীয় কাৰ্যৰ বিৰুদ্ধে এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ।

Advertisment

ঢকুৱাখনাক এখন সর্বাংগ সুন্দৰ নগৰ হিচাবে গঢ় দিয়াৰ পৰিকল্পনাৰে আৰম্ভ কৰা এই লানি সজাগতা অনুষ্ঠান মঙ্গলবাৰে অনুষ্ঠিত কৰা হয় পৌৰসভাখনৰ ২নং ৱাৰ্ডত। পুৱা পৌৰপতি ৰাজীৱ দাসৰ তত্বাৱধানত, ২ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত গুণলতা কুটুমৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

পৌৰসভাৰ নগৰ প্ৰকল্প বিষয়া ৰূপকোঁৱৰ কাকতি, পৌৰকৰ্মী নিলোৎপল বৰগোঁহাই আদিৰ উপস্থিতিত ২নং ৱাৰ্ডৰ বিভিন্ন স্থানৰ নাগৰিক সকলক একত্ৰিত কৰি নগৰীকৰণৰ বাস্তৱিক সোৱাদ ল'বলৈ, পাৰিপাৰ্শ্বিক পৰিবেশ পৰিশুদ্ধ আৰু পৰিচ্ছন্ন কৰি ৰাখিবলৈ নাগৰিক সকলৰ কৰণীয়তা সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰা হয় । তাৰোপৰি উচিষ্ট জাৱৰ সংগ্ৰহ আৰু নিষ্কাষণৰ ওপৰতো সজাগতামূলক বক্তব্য আগবঢ়োৱা হয় পৌৰ সভাৰ তৰফৰ পৰা।

উক্ত কাৰ্যসূচীতে প্ৰতিদিনেই পুৱা পৌৰসভাৰ জাবৰ সংগ্ৰহ কৰা গাড়ীত নাগৰিক সকলক তিতা-ভিজা আৰু শুকান জাবৰ দুভাগত বিভক্ত কৰি পৌৰসভাৰ গাড়ীৰে নিৰ্দিষ্ট কক্ষত জমা কৰি দিবলৈ অনুৰোধ জনায়। লগতে এই পৰিচ্ছন্নমূলক কাৰ্যসূচীত নতুনকৈ সহযোগিতা কৰি নিজৰ ৱাৰ্ডখনৰ পৰিবেশ স্বাস্থ্যসন্মত আৰু নিকা কৰা অভিযানত অংশীদাৰী হোৱা বহু কেইগৰাকী সচেতন নাগৰিকক এখনকৈ ফুলাম গামোচা বৰণ কৰি পৌৰসভাৰ তৰফৰপৰা উষ্ণ অভিনন্দন জনোৱা হয়।

Also Read: ডা: সংগীতা দত্তৰ বিলাসী বাহন-ফ্লেটৰ চাবি বিচাৰি আদালতত আত্মীয়...

awarness program