পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী-কুকি উগ্ৰপন্থীৰ সংঘৰ্ষ

পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী-কুকি উগ্ৰপন্থীৰ সংঘৰ্ষ

ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে কুকি উগ্ৰপন্থীৰ সংঘৰ্ষ। বুধবাৰে পুৱা মণিপুৰৰ টেংনুপাল জিলাৰ সীমান্ত চহৰ ম'ৰেত নিৰাপত্তাৰক্ষীয়ে সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । আৰক্ষীয়ে জনোৱা মতে, উগ্ৰপন্থীয়ে ম'ৰেৰ নিৰাপত্তাৰক্ষীৰ এটা চকীত বোমা নিক্ষেপ আৰু গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ।

তথ্য অনুসৰি, এই গুলীয়াগুলীত এজন সুৰক্ষা কৰ্মী আঘাতপ্ৰাপ্ত হয় । এজন আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্তত দুই সন্দেহজনক লোকক ৰাজ্যিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ৪৮ ঘণ্টা পিছত নিৰাপত্তা বাহিনীৰ ওপৰত  এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে ১৬ জানুৱাৰীৰ মাজনিশা ১২ বজাৰ পৰা টেংনুপাল জিলাত সান্ধ্য আইন জাৰি কৰে । এই কাৰ্ফিউ অৱশ্যে আইন-শৃংখলাৰ লগত জড়িত আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত চৰকাৰী সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি টেংনুপালৰ জিলা দণ্ডাধীশৰ নিৰ্দেশটোত উল্লেখ আছে । 

উল্লেখ্য যে মঙলবাৰে নিশা ইম্ফলৰ পশ্চিম জিলাৰ কৌটৰুক গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে গাঁওৰক্ষী বাহিনীৰ দুঘণ্টাৰো অধিক সময় ধৰি সংঘৰ্ষ হয় । কেন্দ্ৰীয় নিৰাপত্তা বাহিনী অঞ্চলটোত গৈ উপস্থিত হোৱাৰ পিছতে আক্ৰমণকাৰীয়ে গুলীবৰ্ষণ বন্ধ কৰে ।

পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী-কুকি উগ্ৰপন্থীৰ সংঘৰ্ষ
জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত টুচু পূজা উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in