জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত টুচু পূজা উদযাপন

গ্ৰাম্য সমাজৰ পৰা ৰোগ ব্যাধি,অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ কামনাৰে প্ৰতি বছৰে পবিত্ৰ মকৰ সংক্ৰান্তিৰ দিনটোত চাহ জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে
জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত টুচু পূজা উদযাপন

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ টুচু পূজা। পৰম্পৰাগত ৰীতি-নীতিৰে পূজাভাগ উদযাপন কৰা হয়।

পুৱাৰ ভাগত চাহ জনজাতিসকলৰ ইষ্ট দেৱতাক পূজা অৰ্চনা কৰাৰ অন্তত গাঁৱৰ ডেকা- গাভৰু, বৃদ্ধ-বনিতা, কিশোৰ-কিশোৰীসকল একলগ হৈ টুচু নৃত্য প্ৰদৰ্শন কৰে । নতুন শস্যক আদৰাৰ লগতে দেশ তথা গ্ৰাম্য সমাজৰ পৰা ৰোগ ব্যাধি,অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ কামনাৰে প্ৰতি বছৰে পবিত্ৰ মকৰ সংক্ৰান্তিৰ দিনটোত চাহ জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে ।

উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে দিকৰাই চাহ বাগিছাৰ শ্ৰমিক বিনোদন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় পবিত্ৰ টুচু পূজা ।

জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত টুচু পূজা উদযাপন
সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৪ ৰ শুভাৰম্ভণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in