/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3f8ac42e-ca7a-471e-85af-7099fe72aeef/Unnmesh.jpg)
ডিজিটেল ডেস্কঃ এছিয়াৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ 'উন্মেষ' এইবেলি অনুষ্ঠিত হ'ব ভূপাল চহৰত। দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা এই উৎসৱটিত অনুষ্ঠিত হ'ব ৩ৰ পৰা ৬ আগষ্টলৈ। এক সংবাদমেল যোগে এই কথা সদৰি কৰে সাহিত্য অকাডেমীৰ সচিব কে শ্ৰীনিবাসৰাৱে।
উল্লেখ্য এই আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ লগত সংগীত নাটক একাডেমীয়ে 'উৎকৰ্ষ' শীৰ্ষক লোক আৰু জনজাতীয় প্ৰদৰ্শন কলাৰ এক ৰাষ্ট্ৰীয় উৎসৱৰো আয়োজন কৰিছে। এই দুয়োটা অনুষ্ঠানৰ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে। লগতে এই অনুষ্ঠানত উপস্থিত থাকিব মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখি আৰু ভাৰত চৰকাৰৰ সংস্কৃত মন্ত্ৰালয়ৰ যুটীয়া সচিব উমা নন্দুৰী।
সংবাদমেলত সচিব প্ৰধানগৰাকীয়ে কয় যে- 'উন্মেষ' হৈছে ভাৰতৰ আটাইতকৈ বেছি সমাৱেশ ঘটা সাহিত্য উৎসৱ আৰু ভাষাৰ সংখ্যা প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ই এছিয়াৰে সৰ্ববৃহৎ সাহিত্য উৎসৱ। যি অতি সোনকালেই বিশ্বৰ সৰ্ববৃহৎ সাহিত্য উৎসৱ হোৱাৰ পথত আগবাঢ়ি গৈছে। তেওঁ লগতে কয় যে- 'উন্মেষ'ৰ প্ৰতিটো সংস্কৰণত আমি নতুন বিষয় সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰোঁ যাতে নতুন লেখকে আলোচনাত বহাৰ সুযোগ পাই আৰু তেওঁলোকৰ সৃষ্টিশীলতাই নতুন দিশ লাভ কৰে।
এই উৎসৱটো নতুন দিল্লীৰ সাহিত্য অকাডেমী, ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় আৰু মধ্য প্ৰদেশ চৰকাৰৰ সংস্কৃতিক বিভাগে যুটীয়াভাৱে আয়োজন কৰিছে। য'ত ১০০ টা ভাষাৰ ৫৭৫ জনতকৈও অধিক লেখকে সাহিত্য মহোৎসৱ 'উন্মেষ'ৰ ৭৫ টাতকৈও অধিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। তদুপৰি ভাৰতৰ উপৰিও আন ১৩খন দেশৰ লেখকেও এই উৎসৱটিত অংশগ্ৰহণ কৰিব।
বিগত বৰ্ষৰ জুন মাহত চিমলাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা 'উন্মেষ'ৰ এয়া দ্বিতীয় সংস্কৰণ। তথ্য অনুসৰি আন্তৰ্জাতিক সাহিত্য মহোৎসৱত বহুভাষিক কবিতা তথা বিভিন্ন কাহিনীৰ উপৰি আন বহু বিষয় আলোচনা কৰাৰ কথা ব্যক্ত কৰিছে সচিব প্ৰধানগৰাকীয়ে। এই বিষয়বোৰৰ ভিতৰত আছে, চিকিৎসা সাহিত্য, মহাসাগৰ সাহিত্য, যন্ত্ৰৰ উত্থান-লেখকহীন সাহিত্য, অনুবাদ সাহিত্য, যোগ সাহিত্য, সাহিত্য আৰু প্ৰকৃতি, ই-সাহিত্য ইত্যাদি।
ইয়াৰ উপৰি ভাৰতীয় কবিতা, ভাৰতীয় ভক্তিমূলক সাহিত্য, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, ভাৰতীয় নাটকত বিচ্ছিন্নতাৰ তত্ত্ব, বৈচিত্ৰ্যৰ মাজত একতা, ভাৰতৰ মৃদু শক্তি, চলচ্চিত্ৰ আৰু সাহিত্য, বিদেশী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰচাৰ, মাতৃভাষাৰ গুৰুত্ব, কল্পনা আৰু বিজ্ঞান কল্পকাহিনী, নাৰীবাদ আৰু সাহিত্য, জনজাতীয় লিখনি আৰু প্ৰান্তিককৰণৰ কণ্ঠস্বৰ আদিৰ ওপৰতো আলোচনা কৰাৰ কথা সংবাদমেলত ব্যক্ত কৰে।
এই আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত বহু লেখক, পণ্ডিত, সাংবাদিক, অনুবাদক, প্ৰকাশক, সাংস্কৃতিক কৰ্মী, থিয়েটাৰ কৰ্মী, চলচ্চিত্ৰ নিৰ্মাতা আদিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি তিনিখন ৰাজ্যৰ ৰাজ্যপাল- ক্ৰমে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, ছত্তীশগড়ৰ ৰাজ্যপাল বিশ্ব ভূষান হৰিচন্দন, তেলেংগানা ৰাজ্যৰ ৰাজ্যপাল তামিলচাই সৌন্দৰৰাজনও উপস্থিত থাকিব।
ভাৰতত ফিজিৰ ৰাষ্ট্ৰদূত কমলেশ শশী প্ৰকাশৰ অতিৰিক্ত এছ এল ভৈৰাপ্পা, শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিত, ভি. কামাকোটি, চন্দ্ৰশেখৰ কামবাৰ, বিশ্বনাথ প্ৰসাদ তিৱাৰী, সঞ্জয় ৰয়, জয়ন্ত মহাপাত্ৰ, অস্কাৰ পুয়োল, তুলসী দিৱস, এম.এ. আলৱাৰ, সুৰেশ গোৱেল, গিৰীশ্বৰ মিশ্ৰ, চিত্ৰা দিৱাকাৰুণী, বিষ্ণু দত্ত ৰাকেশ, ৰমেশ পোখৰিয়াল নিশাংক, লিণ্ডা হেইজ, মামি য়ামাদা, আমিশ ত্ৰিপাঠী, সোনল মানসিং, চিত্ৰ মুদ্গল, ৰঘুবীৰ চৌধুৰী, মমতা কালিয়া, মহেশ দত্তনী, বামন কেন্দ্ৰে, প্ৰয়াগ শুক্লা, সুৰজিৎ পাটাৰ, নৱতেজ সাৰ্ণা, বিশ্বাস পাটিল, নমিতা গোখলে, মহিতা গোখলে আদিও উপস্থিত থকাৰ কথা সচিবগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য সংগীত নাটক একাডেমীয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় লোক আৰু জনজাতীয় প্ৰদৰ্শন কলা উৎসৱত প্ৰতি সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া ৰঙীন কাৰ্যসূচীত মধ্য প্ৰদেশ আৰু অন্যান্য ৰাজ্যৰ শিল্পীসকলে অংশগ্ৰহণ কৰিব।
Also Read: কলা পৰিচালক নিতিন চন্দ্ৰকান্ত দেশাইৰ মৃত্যুঃ স্তম্ভিত বলিউড
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us