কলা পৰিচালক নিতিন চন্দ্ৰকান্ত দেশাইৰ মৃত্যুঃ স্তম্ভিত বলিউড

কলা পৰিচালক নিতিন চন্দ্ৰকান্ত দেশাইৰ মৃত্যুঃ স্তম্ভিত বলিউড

author-image
Asomiya Pratidin
New Update
কলা পৰিচালক নিতিন চন্দ্ৰকান্ত দেশাইৰ মৃত্যুঃ স্তম্ভিত বলিউড

ডিজিটেল ডেস্কঃ কলা নিৰ্দেশক তথা প্ৰযোজক নিতিন চন্দ্ৰকান্ত দেশাইৰ মৃত্যু। আত্মহত্যাৰ পথ বাছিলৈ মৃত্যুক আঁকোৱালি লোৱা দেশাইৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। বুধবাৰে পুৱাই দেশাই মৃতদেহ উদ্ধাৰ কৰা হয় মহাৰাষ্ট্ৰৰ কাৰজাত থকা তেওঁৰ ষ্টুডিঅ'ৰ পৰা।

Advertisment

উল্লেখ্য বিত্তীয় চাপৰ বাবেই দেশাইয়ে আত্মহত্যাৰ পথ বাছি লয় বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিগত কিছু দিনৰ পৰা দেশাইৰ ষ্টুডিঅ' কামৰ সু-ফলাফল নোপোৱাৰ কথাও প্ৰকাশ কৰিছে বহুজনে। দেশাইৰ মৃত্যুত এতিয়া স্তম্ভিত বলিউড জগত। বলিউডৰ বহু তাৰকাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

দেশাইয়ে মুম্বাইস্থিত জেজে স্কুল অফ আৰ্টছত ফটোগ্ৰাফী অধ্যয়ন কৰি টিভি শ্ব' তামাসৰ ছেটত চতুৰ্থ সহকাৰী পৰিচালক হিচাপে কাম আৰম্ভ কৰিছিল। ইয়াৰ পাছতেই প্ৰথমবাৰৰ বাবে তেওঁৰ কামৰ স্বীকৃতি পাইছিল বিধু বিনোদ চোপ্ৰাৰ ১৯৯৪ চনৰ ছবি, '১৯৪২: এ লাভ ষ্টৰী'ৰ জৰিয়তে।

উল্লেখ্য পৰিচালনা কৰা ছবিসমূহৰ ভিতৰত আছে ওৱাঞ্চ আপন এ টাইম ইন মুম্বাই, দোস্তানা, লাগে ৰ'হো মুন্নাভাই, মুন্নাভাই এমবিবিএছ, মিছন কাশ্মীৰ, প্যাৰ তো হোনা হি থা আদি।

Also Read: গহপুৰৰ পূূব ৰতনপুৰত চুৰিকাণ্ডঃ ৬০ হাজাৰ টকা লৈ উধাও চোৰ

bollywood