/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8d27009f-9a68-4f22-9ded-6160214fddf2/amritpal_singh.jpg)
ডিজিটেল ডেস্কঃ খলিস্তানৰ সমৰ্থক নেতা অমৃতপাল সিঙক বিচাৰি অভিযান অব্যাহত ৰাখিছে পঞ্জাৱ আৰক্ষীয়ে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰাৰ লগতে প্ৰশাসনে সোমবাৰে দুপৰীয়া ১২ বজালৈ মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।
জানিব পৰা মতে অমৃতপাল সিং এজন ঘোষিত অপৰাধী আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা বহু দিন ধৰি চলি আছে। খালিস্তানি নেতাজন বৰ্তমানেও পলাতক যদিও পঞ্জাৱ আৰক্ষীয়ে ৭৮ জন সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে ।
ইয়াৰে ৪ জন 'ৱাৰিছ পাঞ্জাৱ দে'ৰ সদস্যক পঞ্জাৱ আৰক্ষীয়ে অসমৰ ডিব্ৰুগড়লৈ স্থানান্তৰ কৰিছে । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক ৰখা হ'ব।
আৰক্ষীয়ে জনাই যে অমৃত পাল সিঙক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হব। সিঙৰ 'ৱাৰিচ পঞ্জাৱ দে' নামৰ সংগঠনটোৰ প্ৰায় ১১২ জনক বৰ্তমান পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ১৮ মাৰ্চত অমৃত পাল সিঙকো গ্ৰেপ্তাৰৰ বাতৰি প্ৰচাৰ হৈছিল যদিও এয়া ভুৱা বুলি কৈছিল আৰক্ষীয়ে।
Also Read: বাইক আৰোহীক খুন্দা অচিনাক্ত বাহনৰ...