দিল্লীৰ ৰাজপথত শোকৱহ দুৰ্ঘটনা : থিতাতে নিহত পৰিয়ালৰ ৬ সদস্য

দিল্লীৰ ৰাজপথত শোকৱহ দুৰ্ঘটনা : থিতাতে নিহত পৰিয়ালৰ ৬ সদস্য

ডিজিটেল ডেস্ক : দিল্লীৰ ৰাজপথত কৰুণ ঘটনা। পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৬জনকৈ সদস্যই সাৱটি ললে অকাল মৃত্যুক। মঙলবাৰে পুৱাই দিল্লীৰ ৰাজপথত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো।

এখন স্কুল বাছ আৰু দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৰ চাৰিচকীয়া বাহনখনৰে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। ৰাজধানী চহৰখনৰ মীৰাট পথত সংঘটিত দুৰ্ঘটনাটোত ৬ লোক থিতাতে নিহত হোৱাৰ উপৰিও ২গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি আৰক্ষীয়ে উল্লেখ কৰে।

আহত লোক দুজনক স্থানীয় লোকে আৰক্ষীৰ সহযোগত ততালিকে চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে জনোৱা অনুসৰি উক্ত পৰিয়ালটোৱে ৰাস্তা পাৰ হ'ব লওতেই ভুল পথৰে আহি থকা স্কুল বাছখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালটোৰ বাহনখন মীৰাটৰ পৰা গুৰুগ্ৰাম অভিমুখে যাত্ৰা কৰিছিল। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা স্কুল বাছখনৰ চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দিল্লীৰ ৰাজপথত শোকৱহ দুৰ্ঘটনা : থিতাতে নিহত পৰিয়ালৰ ৬ সদস্য
দুৰ্ঘটনাত এ ই চিৰ ৭ ছাত্ৰৰ মৃত্যু : নিৰ্ধাৰিত সময় পাৰ হ’ল,চৰকাৰী তদন্ত প্ৰতিবেদনহে প্ৰকাশ নহ’ল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in